লুঙী পিন্ধা ল'ৰাটোৰ ৰঙালাউৰ বেপাৰ...

প্ৰখৰ ৰদতো হালধীয়া টি-চাৰ্ট, নীলা লুঙি পিন্ধি প্লাষ্টিকৰ এটা বাকচৰ ওপৰত লৰাজন বহি আছিল। সন্মুখত ভিন্ন আকাৰৰ শতাধিক ৰঙালাউ।  ভিৰ দেখিলে বাটৰুৱালৈ চাই  সি চিঞৰে- লৈ যাওঁক, লৈ যাওঁক! কম দামতে দিছো।  স্থান আছিল-  গুৱাহাটীৰ নাৰেংগী তিনিআলি।

New Update
bikhekh lekha new jjry

ডিম্পুল বৰগোহাঁই

Advertisment

প্ৰখৰ ৰদতো হালধীয়া টি-চাৰ্ট, নীলা লুঙি পিন্ধি প্লাষ্টিকৰ এটা বাকচৰ ওপৰত লৰাজন বহি আছিল। সন্মুখত ভিন্ন আকাৰৰ শতাধিক ৰঙালাউ।  ভিৰ দেখিলে বাটৰুৱালৈ চাই  সি চিঞৰে- লৈ যাওঁক, লৈ যাওঁক! কম দামতে দিছো।  স্থান আছিল-  গুৱাহাটীৰ নাৰেংগী তিনিআলি।

চকুৱে চকুৱে পৰাত আমিও লৰাজনৰ কাষলৈ গৈ সুধিলো- কিমানত দিছা? ৰদত মুখ ক'লা পৰি গলেওঁ সি হাঁহি মাৰি ক'লে- সৰুটো ১৫, ডাঙৰটো ২৫টকা। মিঠা মাল, লৈ যাওঁক।'  ৰঙালাউখিনিৰ ওপৰত লৰাটোৱে এটা ৰঙালাউ দুফাল কৰি থৈ দিছে। ভিতৰৰ ৰং দেখিলেই পাচলি বজাৰ কৰিব জনা মানুহে বুজিব কিমান সোৱাদ হ'ব পাৰে এই ৰঙালাউৰ।

এটা ৰঙালাউ পিটিকি পিটিকি লৰাজনক আকৌ প্ৰশ্ন কৰিলো- সদায়ে আহানে? মোক সদায় এই জাগাতেই পাব- লৰাজনে উত্তৰ দিলে। আকৌ সুধিলো- কিমান বেচিছা? এই প্ৰশ্নটোৰ উত্তৰ তাৰ মুখেৰে শুনি কিছুসময় মই থৰ হৈ থাকিলো। সি ক'লে- ৭দিনত কমছে কম ৬টন মান মাল বেচিছো ইয়াতে।

৭দিনত ৬টন ৰঙালাউ বিক্ৰী কৰাটো মামুলি নহয়। তাতে আকৌ সি গাড়ীত অকলেই আনিছে, অকলেই বেচিছে। আমাৰ মাজত কথা বাঢ়ি গৈছিল। সিও উত্তৰ দিয়াত কৃপনালি কৰা নাছিল। তাৰ ঘৰ বৰপেটাৰ মন্দিয়াত বুলি ক'লে। ৰঙালাউ খেতি সি আৰু তাৰ পৰিয়ালে নিজেই কৰা বুলিও আমাক বৰ আগ্ৰেহেৰে জনালে।

কিছু সময়ৰ এনেকৈয়ে কথা পাতি হঠাতে তাক সুধি দিলো- কষ্ট হয় ন বৰ? সি এইবাৰ একো নক'লে। হাঁহি এটা মাৰি পলিথিন এটা আগবঢ়াই দিলে। লৰাজনক আৰু কথা সুধি ব্যতিব্যস্ত নকৰো বুলি উভতিব লওঁতেই সি লুঙিখনত ওলমাই থোৱা পইচাৰ পলিথিনটো জোকাৰি মোক কলে-  দাদা, কষ্টতো বহুত হয়। কিন্তু এইখিনি দেখিলে চব কষ্ট গায়ব হৈ যায়। 

ঠিকেই! প্ৰয়োজনৰ সময়ত ধন মোহে বহুখিনি কষ্ট লাঘৱ কৰিব পাৰে। এইখন গুৱাহাটীত কোনেনো ধনৰ বাবে কষ্ট নকৰে। সকলোৱেই কৰে। পুৱতি নিশাই নিজে গাড়ী চলাই শাক-পাচলি লৈ ওদালগুৰি, বঙাইগাওঁৰ পৰা একাংশ মহিলা গুৱাহাটী পায়হি। দিন-ৰাতি একাকাৰ কৰি গুৱাহাটীখনতে কিমান যে শ্ৰমিকে কাম কৰি আছে, তাৰ সীমা-সংখ্যা নাই।

পুনৰ ঘূৰি আহিছো ৰঙালাউৰ প্ৰসংগলৈ। নাৰেংগী তিনিআলিত সেই লৰাটোৱে বিগত এসপ্তাহত প্ৰায় ৬টন ৰঙালাউ বেচিছে। এক কুইন্টল ৰঙালাউত যদি ৮০-১০০টা ৰঙালাউ থাকে। তেন্তে বিগত ৭দিনত প্ৰায় ৫০ৰ পৰা ৬০হাজাৰ ৰঙালাউ বেচিছে সি। এটা ৰঙালাউত যদি নূন্যতম ১৫টকাকৈও ধৰো তেন্তে এটা সপ্তাহত প্ৰায় ৭লক্ষাধিক টকা উপাৰ্জন কৰিছে সি।

ৰঙালাউ বেচি পোৱা ধনৰ হিচাপটো তাৰ আগত কৰা নহল। কিন্তু ৭দিনত ৬টন ৰঙালাউ বিক্ৰী কৰাৰ কথা তাৰ মুখেৰে শুনাৰ পাছতে মনলৈ আহি আছিল তাৰ উপাৰ্জনৰ কথাটো। অৱশেষত ঘৰলৈ আহি সেই হিচাপ দেখি পুনৰ কিছু সময় থৰ হৈ থাকিলো।

অসমৰ ৰঙালাউৰ সমগ্ৰ বিশ্বতে বেচ চাহিদা আছে। ডুবাই, আমেৰিকা, ইংলেণ্ডৰ বজাৰত অসমৰ ৰঙালাউৰ বিক্ৰী চকুতলগা। কিছুদিনৰ পূৰ্বে ডুবাইলৈ অসমৰ কৃষি বিভাগে প্ৰেৰণ কৰিছিল কেইবা টন ৰঙালাউ। পুষ্টিৰ ক্ষেত্ৰতো ৰঙালাউ যথেষ্ট সম্পদশালী । ইয়াৰ ১০০ গ্ৰাম দ্ৰব্যত পোৱা পুষ্টি উপাদানবোৰ এনেধৰণৰ- পানী ৯২.৭ গ্ৰাম, প্ৰ’টিন ১.৪ গ্ৰাম, চৰ্বি ০.১ গ্ৰাম, আঁহ ০.৭ গ্ৰাম, কাৰ্বোহাইড্ৰেট ৫ গ্ৰাম, পটাছিয়াম ১৩৯ মি:গ্ৰাম, ছডিয়াম ৫.৬ মি:গ্ৰাম, কেলচিয়াম ১৪ মি:গ্ৰাম, মেগনেছিয়াম ১৪ মি:গ্ৰাম, ফছফৰাছ ৩০ মি:গ্ৰাম আৰু আইৰন ০.৭ মি:গ্ৰাম । শক্তিৰ ক্ষেত্ৰত প্ৰতি ১০০ গ্ৰাম দ্ৰব্যত ২৫ কেলৰি পোৱা যায় ।

ইয়াৰ উপৰি আমাৰ দেহৰ সুৰক্ষাৰ বাবে কম পৰিমাণে প্ৰয়োজন হোৱা উপাদান, যেনে- ছালফাৰ, ক’পাৰ আৰু ক্ল’ৰিনো পোৱা যায় । জনা গৈছে যে শাক-পাচলি আৰু ফল-মূলৰ ভিতৰত বোলে ৰঙালাউতে সৰ্বাধিক ভিটামিন-বি পোৱা যায় । এতেকে এইটো সহজেই অনুমেয় হৈ উঠে যে ইমানবিলাক উপাদানেৰে ভৰা ৰঙালাউ এবিধ গুৰুত্বপূৰ্ণ খাদ্যই হ’ব ।

ৰঙালাউ যে এবিধ পুষ্টিদায়ক পাচলি তাক দোহৰাৰ প্ৰয়োজন নাই । ইফালে ইয়াৰ মিঠা স্বাদে যথেষ্ট তৃপ্তিও প্ৰদান কৰে । তাতোকৈ ডাঙৰ কথা, ইয়াৰ মঙহাল অংশৰ উপৰি গুটিবোৰো ঔষধি গুণসম্পন্ন বুলি জনা গৈছে । সামগ্ৰিকভাৱে ৰঙালাউক বলকাৰক আৰু ৰক্তবৰ্ধক বুলি জ্ঞান কৰা হয় । পকা ৰঙালাউ শুক্ৰবৰ্ধক আৰু দৃষ্টিশক্তিবৰ্ধক ৰুপে অভিহিত । ই শৰীৰৰ দূষিত পদাৰ্থ ঘামৰ লগত বাহিৰ কৰাত সহায় কৰে । সেই কথা অৱশ্যে গৰমৰ দিনত ৰঙালাউ খোৱাৰ পিছত প্ৰায়েই আমিও প্ৰত্যক্ষ কৰো ।

ৰঙালাউৰ গুটি যৌন উত্তেজনা বৃদ্ধিকাৰক হোৱাৰ লগতে কৰ্কট ৰোগ প্ৰতিৰোধী গুণসম্পন্ন বুলিও কোৱা হয় । ইয়াত থকা বিটা কেৰ’টিনে শৰীৰত হোৱা টেমুনা আৰু কৰ্কট ৰোগ প্ৰতিৰোধত বৰঙনি যোগায় বুলি উল্লেখ পোৱা যায় । কেৱল সেয়ে নহয়, ৰঙালাউৰ গুটিত ফাইট’ষ্টেৰল নামৰ এবিধ উপাদান থাকে, ই ৰক্তত জমা হোৱা কলেষ্টেৰলৰ পৰিমাণ কমাব পাৰে বুলি পোহৰলৈ আহিছে । তেনেকৈ ইয়াৰ গুটিত থকা কেলচিয়াম, মেগনেছিয়াম আৰু ফছফৰাছৰ সবল স্থিতিৰ হেতুকে হাড়ৰ গঠন সুদৃঢ়কৰণৰ লগতে অষ্টিঅ’পৰ’ছিছ ৰোগৰ প্ৰতিৰোধতো ইতিবাচক ভূমিকা গ্ৰহণ কৰে বুলি তথ্য পোৱা গৈছে 

ৰঙালাউৰ ক্ষেত্ৰত এটি আমোলজনক তথ্য পোৱা গৈছে । সাধাৰণতে ৰঙালাউৰ মিঠা সোৱাদৰ বাবে মধুমেহ ৰোগীসকলে সততে ইয়াক গ্ৰহণৰ প্ৰতি শংকা প্ৰকাশ কৰে । কিন্তু আমাৰ সেই ধাৰণা ভ্ৰান্ত বুলি যোৱা কেইবছৰমানৰ আগেয়ে লণ্ডনস্থ ‘ৰয়েল ফ্ৰী এণ্ড ইউনিভাৰছিটী কলেজ মেডিকেল স্কুলৰ বিজ্ঞানী ডেভিড ৰেণ্ডাৰে ব্যক্ত কৰিছিল যে মধুমেহ ৰোগত আক্ৰান্ত হ’বলৈ ধৰা ব্যক্তি বা এই ৰোগত ভোগা ৰোগীৰ বাবে ৰঙালাউৰ উপাদানসমূহ অতি উপকাৰী, কিয়নো ইবিলাকে মধুমেহ ৰোগীৰ অগ্ন্যাশয়ৰ বিটা কোষবোৰৰ ধ্বংসমুখী কাৰ্য প্ৰতিহত কৰে ।

সেয়ে বিজ্ঞানীজনৰ মতে ৰঙালাউক এই ৰোগৰ ঔষধ ৰুপেহে ব্যৱহাৰ কৰাটো সম্ভৱ । বাস্তৱতো অৱশ্যে দেখা যায় যে ৰঙালাউত থকা কাৰ্বোহাহড্ৰেটৰ পৰিমাণ তেনে বেছি নহয়, কেৱল ৫ গ্ৰাম / ১০০ গ্ৰামহে । আনহাতে ইয়াৰ ১০০ গ্ৰাম দ্ৰব্যত ২৫ কেলৰি পৰিমাণহে শক্তি পোৱা যায় । এতেকে আপাত-দৃষ্টিত ৰঙালাউ মধুমেহ ৰোগীৰ বাবে অপকাৰী নহয় যেন অনুভৱ হয় ।

সেয়ে ইয়াৰ প্ৰমাণ পাবলৈ হ’লে এনে ৰোগীয়ে ইয়াক গ্ৰহণৰ পিছত ৰক্তত ছুগাৰৰ পৰিমাণ বৃদ্ধি পাইছে নেকি পৰীক্ষা কৰাই চোৱা যুগুত । যদি বৃদ্ধি পোৱা দেখা নাযায়, তেন্তে নি:সন্দেহে গ্ৰহণযোগ্য ৰুপে বিবেচিত হ’ব । এনে বিতৰ্কিত দিশৰ বাহিৰে কিন্তু ৰঙালাউক উপকাৰী পাচলি ৰুপে গ্ৰহণ কৰাত আমি মনোনিৱেশ কৰাত সমস্যা নাই বুলিয়েই বিশ্বাস হয় ।

ৰঙালাউত ইমানখিনি গুণ থকাৰ পাছত ইয়াৰ চাহিদা নথকাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে। উজনি-নামতিত সেয়েহে খেতিয়কে পথাৰত বেলেগ শইচৰ লগতে মাজে মাজে সিচিঁ থয় ৰঙলাউৰ গুটি। কিন্তু বৰ্তমান সময়তো খেতিয়কে ৰঙালাউৰ খেতি কৰিও নাপায় পৰ্যাপ্ত তথা সুবিধাজনক বজাৰ।

ইয়াৰ মাজতে বৰপেটাৰ মন্দিয়াৰ এই লৰাটোৰ দৰে একাংশ খেতিয়ক ওলাই আহে বজাৰ বিচাৰি। কোনোবাই সন্তোষজনক ফল পায়, কোনোবাই নাপায়। ৭দিনত ৬টন ৰঙালাউ বিক্ৰী কৰি প্ৰখৰ ৰদতো হাঁহি থকা লৰাটোৰ নামটো সোধা নহল। তাক পইচাতো গুগল পেত দিছিলো।  ফোনটো উলিয়াই চালো। গুগল পেত দেখুৱাইছিল- PAYMENT TO SAFIKUL ₹ 30

গুৱাহাটী