/asomiyapratidin/media/media_files/2025/05/24/H8sSxbzw3u6v43wYcnVJ.jpg)
দিল্লীত মীট দ্য প্ৰেছ অনুষ্ঠানত পবিত্ৰ মাৰ্ঘেৰিটা
ডিজিটেল ডেস্কঃ নতুন দিল্লীত নৰ্থ ইষ্ট মেডিয়া ফৰামৰ উদ্যোগত শনিবাৰে প্ৰেছ ক্লাৱ অফ ইণ্ডিয়াত আয়োজন কৰা "মীট দ্য প্ৰেছ" অনুষ্ঠানত অংশ লয় কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ৷
এই অনুষ্ঠানত "ওৱানছ এ জাৰ্ণেলিষ্ট অলৱেইজ এ জাৰ্ণেলিষ্ট" বুলি মন্তব্য কৰি নিজৰ সাংবাদিকতা আৰু শিল্পী জীৱনৰ পৰা ৰাজনৈতিক পৰিক্ৰমাৰ আৰম্ভণিৰ দিনখিনি ৰোমন্থন কৰে মন্ত্ৰীগৰাকীয়ে৷ অপাৰেচন সিন্ধুৰৰ "এয়াৰ স্ট্ৰাইক"ৰ খবৰ নিউজিলেণ্ডত লাভ কৰোতে প্ৰতিজন ভাৰতীয়ৰ দৰেই গৌৰৱাম্বিত হৈছিল বুলিও উল্লেখ কৰে পবিত্ৰ মাৰ্ঘেৰিটাই ৷
অনুষ্ঠানত ইয়াৰ লগতে উত্তৰ-পূবৰ বস্ত্ৰ শিল্প সম্বন্ধেও বক্তব্য আগবঢ়াই পবিত্ৰ মাৰ্ঘেৰিটাই। উত্তৰ-পূবৰ বস্ত্ৰ শিল্পৰ স্থান সমগ্ৰ পৃথিৱীতেই অনন্য বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷