'২৫ বিত্তীয় বৰ্ষৰ বাবে কৰ্মচাৰীৰ প্ৰভিডেণ্ট ফাণ্ডৰ সুতৰ হাৰ ৮.২৫% অনুমোদন

২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে কৰ্মচাৰী ভৱিষ্যৎ নিধিৰ সুতৰ হাৰ ৮.২৫ শতাংশ অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰে। এই পদক্ষেপে কৰ্মচাৰী প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনে (ইপিএফঅ’) বাৰ্ষিক সুত সাত কোটিৰো অধিক গ্ৰাহকৰ একাউণ্টত জমা কৰাৰ পথ প্ৰশস্ত কৰিছে।

author-image
Asomiya Pratidin
New Update
'২৫ বিত্তীয় বৰ্ষৰ বাবে কৰ্মচাৰীৰ প্ৰভিডেণ্ট ফাণ্ডৰ সুতৰ হাৰ ৮.২৫% অনুমোদন

'২৫ বিত্তীয় বৰ্ষৰ বাবে কৰ্মচাৰীৰ প্ৰভিডেণ্ট ফাণ্ডৰ সুতৰ হাৰ ৮.২৫% অনুমোদন

ডিজিটেল ডেস্কঃ কৰ্মচাৰীসকলৰ বাবে এটা সুখবৰ। ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে কৰ্মচাৰী ভৱিষ্যৎ নিধিৰ সুতৰ হাৰ ৮.২৫ শতাংশ অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰে। এই পদক্ষেপে কৰ্মচাৰী প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনে (ইপিএফঅ’) বাৰ্ষিক সুত সাত কোটিৰো অধিক গ্ৰাহকৰ একাউণ্টত জমা কৰাৰ পথ প্ৰশস্ত কৰিছে। এই পদক্ষেপৰ বাবে দেশৰ ৭ কোটিৰো অধিক গ্ৰাহক লাভৱান কৰাৰ সম্ভাৱনা আছে।

Advertisment

ইয়াৰ পূৰ্বে এইবৰ্ষৰ ২৮ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী মনছুখ মাণ্ডবিয়াৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় বোৰ্ড অৱ ট্ৰাষ্টীৰ ২৩৭ সংখ্যক বৈঠকত ইপিএফঅ’ই ৮.২৫% সুতৰ হাৰ '২৪ বিত্তীয় বৰ্ষৰ তুলনাত অপৰিৱৰ্তিত ৰখাৰ প্ৰস্তাৱ দিছিল। পৰৱৰ্তী সময়ত এই প্ৰস্তাৱ চূড়ান্ত অনুমোদনৰ বাবে বিত্ত মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা হয়। পিটিআইয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বিত্ত মন্ত্ৰালয়ে বিষয়টোত সন্মতি প্ৰদান কৰিছে।

এই অনুমোদনৰ জৰিয়তে অৱসৰৰ পুঁজি সংস্থাটোৱে অনুমোদিত সুত সদস্যসকলৰ ইপিএফ একাউণ্টত জমা কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। যাৰবাবে অৱসৰৰ পিছৰ স্থিৰ ৰিটাৰ্ণ নিশ্চিত হৈছে। ইপিএফে বহুতো ফিক্সড ইনকাম ইনষ্ট্ৰুমেণ্টৰ তুলনাত তুলনামূলকভাৱে অধিক আৰু সুস্থিৰ ৰিটাৰ্ণ আগবঢ়াই আহিছে।

কৰ্মচাৰী ভৱিষ্যৎ নিধি