শীৰ্ষত এল আই চিঃ ২৪ ঘন্টাত জাৰি কৰিলে ৫,৮৮,১০৭ খন জীৱন বীমা পলিচি...

২০২৫ চনৰ ২০ জানুৱাৰীত সমগ্ৰ ভাৰতত ৪,৫২,৮৩৯ জন এল আই চি এজেণ্টে সামূহিকভাৱে ৫,৮৮,১০৭ খন জীৱন বীমা পলিচি জাৰি কৰি এই অভিলেখ গঢ়িছিল। এই প্ৰচেষ্টাই ২৪ ঘণ্টাৰ ভিতৰত জীৱন বীমা উদ্যোগত এজেণ্টৰ উৎপাদনশীলতাৰ বাবে এক নতুন বিশ্বব্যাপী মাপকাঠী স্থাপন কৰিলে।

author-image
Asomiya Pratidin
New Update
1 LIC

ডিজিটেল ডেস্কঃ  শেহতীয়াকৈ ২৪ ঘন্টাৰ ভিতৰত সৰ্বাধিক জীৱন বীমা পলিচি বিক্ৰী কৰি গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িলে ভাৰতীয় জীৱন বীমা নিগমে। শনিবাৰে নিগমটোৰ এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি, ২০২৫ চনৰ ২০ জানুৱাৰীত সমগ্ৰ ভাৰতত ৪,৫২,৮৩৯ জন এল আই চি এজেণ্টে সামূহিকভাৱে ৫,৮৮,১০৭ খন জীৱন বীমা পলিচি জাৰি কৰি এই অভিলেখ গঢ়িছিল।

 এল আই চিৰ মতে, এই প্ৰচেষ্টাই ২৪ ঘণ্টাৰ ভিতৰত জীৱন বীমা উদ্যোগত এজেণ্টৰ উৎপাদনশীলতাৰ বাবে এক নতুন বিশ্বব্যাপী মাপকাঠী স্থাপন কৰিলে। নিগমে বিবৃতিটোত উল্লেখ কৰে যে, “এই প্ৰচেষ্টা আমাৰ এজেণ্টসকলৰ অদম্য নিষ্ঠা, দক্ষতা আৰু অক্লান্ত কৰ্মনীতিৰ এক শক্তিশালী নিদৰ্শন। এই সাফল্যই ইয়াকে প্ৰমাণ কৰে যে আমি আমাৰ গ্ৰাহক আৰু তেওঁলোকৰ পৰিয়ালক আৰ্থিক সুৰক্ষা প্ৰদানৰ বাবে কিমান প্ৰতিশ্ৰুতিবদ্ধ।'

উল্লেখ্য যে, এই অভিলেখ সৃষ্টিৰ বাবে এল আই চিৰ এম ডি আৰু চি ই অ’ সিদ্ধাৰ্থ মহন্তই বিশেষ উদ্যোগ লৈছিল। ২০২৫ চনৰ ২০ জানুৱাৰীত ‘মেড মিলিয়ন ডে’ত অন্ততঃ এটা পলিচি বিক্ৰী কৰিবলৈ সকলো এজেণ্টক আবেদন জনাইছিল সিদ্ধাৰ্থ মহন্তই। এই উপলক্ষত সিদ্ধাৰ্থ মহন্তই সকলো গ্ৰাহক, এজেণ্ট আৰু কৰ্মচাৰীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

জীৱন বীমা