কাৰ্বি আংলঙত কুকি স্বায়ত্ত শাসিত পৰিষদ গঠন নকৰিবলৈ চৰকাৰক সকীয়নি এন এছ চি এন মুইভা গোটৰ…

কাৰ্বি আংলঙত কুকি স্বায়ত্ত শাসিত পৰিষদ গঠন নকৰিবলৈ চৰকাৰক সকীয়নি এন এছ চি এন মুইভা গোটৰ…

author-image
asomiyapratidin
New Update
কাৰ্বি আংলঙত কুকি স্বায়ত্ত শাসিত পৰিষদ গঠন নকৰিবলৈ চৰকাৰক সকীয়নি এন এছ চি এন মুইভা গোটৰ…

ডিজিটেল সংবাদ, ৱাখাঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ শেহতীয়া কাৰ্বি আংলং ভ্ৰমণ আৰু কুকি জনগোষ্ঠীক কুকি স্বায়ত্ত শাসিত পৰিষদ প্ৰদান কৰিবলৈ লোৱা বিষয়টোক লৈ কঠোৰ সকীয়নি প্ৰদান কৰিছে নগা বিদ্ৰোহী সংগঠন এন এছ চি ইশ্বাক মুইভা গোটে । দেওবাৰে জাৰি কৰা এক প্ৰেছবাৰ্তাত এন এছ চি এন মুইভা গোটৰ কিলোনছাৰ তথা ৰেংমা জনগোষ্ঠীৰ শীৰ্ষনেতা যোছেফ ৰেংমাই কয় যে অসম আৰু কেন্দ্ৰীয় চৰকাৰে কাৰ্বি আংলংত বাস কৰা মণিপুৰৰ কুকি জনগোষ্ঠীৰ বিদ্ৰোহীক সন্তুষ্ট কৰিবলৈ শেহতীয়াকৈ স্বায়ত্ত শাসন প্ৰদান কৰিবলৈ প্ৰস্তাৱ কৰা কাৰ্যত আচৰিত হৈছে ।

Advertisment

এয়া ৰেংমা পাহাৰৰত বসবাস কৰা প্ৰকৃত ভূমিপুত্ৰৰ হিতৰ পক্ষে নহয় । এন এছ চি এনৰ আই এমৰ ৰেংমা নগাৰ শীৰ্ষনেতা যোছেফ ৰেংমাই আৰু কয় যে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ বহু প্ৰতীক্ষ অসম ভ্ৰমণে ৰেংমা পাহাৰত অপ্ৰীতিকৰ পৰিবেশ সৃষ্টি কৰিব । কাৰণ কাৰ্বি আংলং জিলা বসবাস কৰা ৰেংমা নগাসকলৰ ভূমিত কুকি স্বায়ত্ত শাসিত পৰিষদ গঠন কৰিবলৈ লোৱাতো অসম আৰু ভাৰত চৰকাৰৰ সিদ্ধান্ত অন্যায়পূৰ্ণ প্ৰস্তাব ।

এই সিদ্ধান্তই ৰেংমা পাহাৰত ৰাজনৈতিক পৰিবেশ উত্তপ্ত কৰিব । কাৰণ ৰেংমা জনগোষ্ঠীৰ নগাসকলে তেওঁলোকৰ ভূমিত কুকি স্বায়ত্ত শাসিত পৰিষদ গঠন হবলৈ কেতিয়াও নিদিয়ে । এন এছ চি এনৰ নেতা যোছেফ ৰেংমাই আৰু কয় যে আমি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ৰাজ্য উন্নয়নৰ অনুচ্ছেদ ২৪৪ (ক) প্ৰৱৰ্তন কৰিবলৈ কাৰ্বি স্বায়ত্ত পৰিষদ মুখ্য কাৰ্যবাহী জৰিয়তে স্মাৰকপত্ৰ দিছো ।

এন এছ চি এনে সকীয়াই দি কয় যদি কেন্দ্ৰই খৰখেদাকৈ সিদ্ধান্ত লয় ফলাফল কিন্তু বেয়া হব । কিয়নো ৰেংমাসকলে নিজৰ ভূমিত কুকি স্বায়ত্ত শাসন প্ৰদান কৰাতো নিবিচাৰে । এয়া ভুল ব্যক্তিৰ হাতত দিয়া হৈছে । অসম আৰু ভাৰত চৰকাৰে জানিব বুজি ৰেংমা নগাসকলক ঐতিহাসিক আৰু ৰাজনৈতিক অধিকাৰৰ পৰা অন্যায় কৰিব খুজিছে ।