আমেৰিকাৰ ওচৰত আঠু নল'লো কাৰণেই শাসন হেৰুৱালোঃ শ্বেইখ হাছিনাৰ বিস্ফোৰণ..

বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাৰ মাজতে পুনৰ প্ৰৱেশ ঘটিছে শ্বেইখ হাছিনাৰ। দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীয়ে সামাজিক মাধ্যমযোগে তীব্ৰ কটাক্ষ কৰে বৰ্তমানৰ প্ৰধানমন্ত্ৰী মহম্মদ ইউনুছক।

New Update
rfrfৰৰৰ

ডিজিটেল ডেস্কঃ বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাৰ মাজতে পুনৰ প্ৰৱেশ ঘটিছে শ্বেইখ হাছিনাৰ। দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীয়ে সামাজিক মাধ্যমযোগে তীব্ৰ কটাক্ষ কৰে বৰ্তমানৰ প্ৰধানমন্ত্ৰী মহম্মদ ইউনুছক।  শ্বেইখ হাছিনাই এটা অডিঅ বাৰ্তা যোগে কয় যে, ইউনুছে বাংলাদেশক আমেৰিকাৰ হাতত বন্ধকত থৈ কাম কৰি আছে। ইয়াৰ পৰিণাম দেশবাসীয়ে ভুগিব বুলি সকিয়াই দিয়ে হাছিনাই।

Advertisment

হাছিনাই লগতে শেহতীয়াই ইউনুছ চৰকাৰে বাংলাদেশত আবামী লীগৰ ওপৰত আৰোপ কৰা প্ৰতিবন্ধকতাক লৈও তীব্ৰ নিন্দা কৰে। তেও এই সিদ্ধান্ত অসাংবিধানিক বুলি আখ্যা দিয়ে।  তেও লগতে কয় যে, মোৰ পিতৃপুৰুষেও আমেৰিকাৰ কিছু হঠাকাৰী নীতিৰ সৈতে একমত হব পৰা নাছিল। যাৰ বাবে তেও প্ৰাণ গৈছিল। ময়ো সেই স্থিতিতে অটল আছিলো। কিয়নো মই শাসনৰ বাঘজৰীতকৈ দেশখনক বচোৱাৰ ওপৰত অধিক গুৰুত্ব দিছিলো।

সন্ত্ৰাসবাদীৰ সহায়ত বাংলাদেশৰ শাসন ইউনুছে হাছিনাৰ পৰা কাঢ়ি লোৱা বুলিও অভিযোগ উত্থাপন কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেও লগতে প্ৰশ্ন কৰে যে, দেশৰ সংবিধান অমান্য কৰি তেওক চৰকাৰ গঠনৰ অধিকাৰ কোনে দিলে! জনতাৰ আশ্বাস তেওৰ ওপৰত আছে জানো বুলিও প্ৰশ্ন কৰে হাছিনাই। 

ভাৰত-বাংলাদেশ