/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/9fb2d762-9c3d-4cb0-a638-e33a3264f202/bhanga_rasta.jpg)
DHAKUAKHANA
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনাৰ উন্নয়নৰ বাবে আবণ্টিত চৰকাৰী পুঁজি মানেই একাংশ মুনাফা লোভী ঠিকাদাৰৰ বৰভোজলৈ পৰিণত হোৱাৰ অভিযোগ অতি পুৰণি । ৰাজনৈতিক শক্তিৰে বলিয়ান হোৱা একাংশ দাম্ভিক ঠিকাদাৰৰ কৰাল গ্ৰাসত পৰি চৰকাৰী উন্নয়নমূলক আঁচনিয়ে বাস্তৱিকতে গুণগত নিৰ্মাণৰ মুখ নেদেখাটো সচৰাচৰ ঘটনাত পৰিণত হৈ আহিছে ।
শেহতীয়াভাৱে ঢকুৱাখনা মহকুমাৰ চেতিয়া গাঁওৰ পৰা ভোৰতাল গাঁও হৈ উজনি জালভাৰী গাঁও সংযোগী প্ৰায় ২ কোটি ৪২ লাখ ৬২হাজাৰ টকা ব্যয় সাপেক্ষ পথ নিৰ্মাণ আঁচনিয়েও নিম্ন মানৰ কামৰ বাবে মুখ থেকেচা খোৱাত ৰাজহুৱা অভিযোগ উত্থাপন কৰে ।
অভিযোগ অনুসৰি, ৰাজ্যিক স্ব উন্নয়ন প্ৰাধান্য পুঁজিৰ (এছ অ পি ডি-জি) শিতানত সদা ব্যস্ত গ্ৰাম্য পথৰ পকী নিৰ্মাণৰ বাবে যোৱা ২০২১ চনৰ ২১ ফেব্ৰুৱাৰীত আধাৰশিলা স্থাপন কৰিছিল তেতিয়াৰ মন্ত্ৰী নৱ দলেয়ে । প্ৰায় ২.৬২ কিলোমিটাৰ দৈৰ্ঘৰ এই পথটোৰ বিপৰীতে বৃহৎ ধনৰাশি আৱণ্টন হোৱাত গঞা ৰাইজে এটা জটিল সমস্যাৰ স্থায়ী সমাধান হ'ব বুলি আশা কৰিছিল । কিন্তু বাস্তৱিকতে সেয়া হৈ নুঠিল।
ৰাজহুৱা অভিযোগ যে, ২.৪২ কোটি টকীয়া পথ নিৰ্মাণৰ বেলিকা নিয়োজিত ঠিকাদাৰ চুড়ামণি চুতীয়াই জঘন্য অনিয়ম আৰু দুৰ্নীতি সংঘটিত কৰিছে । প্ৰাককলন বৰ্হিভূত ভাৱে অতি নিম্ন মানৰ, ক্ৰুটিপূৰ্ণ পদ্ধতিৰে পথছোৱা নিৰ্মাণ কৰাৰ বাবে চৰকাৰী পুঁজি অপচয় হোৱাই নহয় পথৰ চৰকাৰী গ্ৰাম্য উন্নয়নৰ আঁচনিৰ লক্ষ্যকো পদপিষ্ট কৰিছে ।
ঠিকাদাৰৰ এনে বেপৰুৱা নিৰ্মাণ কাৰ্যৰ বিৰুদ্ধে বহুবাৰ ঠিকাদাৰ ,নিয়োজিত মহৰী ,বিভাগক অৱগত কৰিও সুফল লাভ নকৰা উন্নয়নকামী গঞাই এনে দুষ্কাৰ্য সন্দৰ্ভত ৰাজহুৱাভাৱে ঠিকাদাৰ আৰু মহৰীক প্ৰশ্ন কৰি এনে দায়িত্বহীন নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ দাবী জনায় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/2c0e3e64-2c94-4d6c-86f5-88dbb476db21/bhanga_rasta1.jpg)
নিৰ্মাণৰ পাছতে বিতুমিন যুক্ত পকী পথৰ ওপৰত ঘাঁহ বন গজি উঠা , হাতেৰে পথৰ পৃষ্ঠ স্পৰ্শ কৰিলেই ভাগি উঠি অহা ,নিম্ন মানৰ সামগ্ৰীৰ কালভাৰ্ট নিৰ্মাণ কৰা আদি বহু প্ৰামানিক বিসংগতি প্ৰত্যক্ষ কৰি অসন্তুষ্ট ৰাইজে প্ৰমাণ হিচাবে পথৰ কিছু অংশ হাতেৰে দাঙি উঠাই ঠিকাদাৰজনৰ বেপৰোৱা নিৰ্মাণৰ নগ্ন স্বৰূপ উদঙাই দিয়ে । ৰাইজে চৰকাৰী পুঁজি অপচয়কাৰী এনে পন্থাৰ বিৰোধিতা কৰি সঠিকভাৱে নিৰ্মাণ কৰাৰ বাবে ঠিকাদাৰ চুতীয়াক সকীয়াই দিয়ে ।
উল্লেখ্য যে, ৰাইজৰ দুৰ্নীতি অনিয়ম বিৰোধী এনে ঐক্যবদ্ধ ভূমিকাত ক্ষুণ্ণ হৈ ঠিকাদাৰ গৰাকীয়ে অঞ্চলটোৰ কেইজনমান যুৱকৰ বিৰুদ্ধে ঢকুৱাখনা সদৰ থানাত গোচৰ দিয়ে। এই গোচৰৰ আলমত ঢকুৱাখনা আৰক্ষীয়ে যুৱক কেইগৰাকীক বিচাৰি যোৱাত নিজৰ অপকৰ্ম ঢাকিবলৈ ঠিকাদাৰে ন্যায়কামী যুৱক একাংশক লক্ষ্য কৰি জাপি দিয়া মনে সজা গোচৰৰ বিৰুদ্ধে বৃহস্পতিবাৰে অঞ্চলটোৰ গৰিষ্ঠ সংখ্যক ৰাইজ সদৰ থানাত উপস্থিত হয় ।
বৃহস্পতিবাৰে দুপৰীয়া থানাত উপস্থিত হোৱা ৰাইজে নিম্ন মানৰ কামেৰে চৰকাৰী পুঁজি উদৰস্থ কৰাৰ পাং পতা ঠিকাদাৰৰ অভীষ্ট সিদ্ধি নোহোৱাৰ বাবেই ন্যায়কামী ৰাইজক দমন কৰিবলৈ এনে ভয় ভাবুকিপূৰ্ণ মনে সজা গোচৰ তৰা বুলি সংবাদ মাধ্যমক স্পষ্টভাৱে জানিবলৈ দি সদৰ থানাত এক প্ৰতি গোচৰ দাখিল কৰে ।
অন্যহাতে উন্নয়নকামী ৰাইজে স্পষ্ট কয় যে, ঠিকাদাৰে প্ৰাককলন অনুসৰি নিৰ্মাণ কাৰ্য চলাই সমগ্ৰ পথছোৱা গুণগত ভাৱে নিৰ্মাণ কৰক আৰু ক্ৰুটিপূৰ্ণ কামেৰে আঁচনিৰ ধন কুক্ষীগত কৰাৰ ফন্দি পৰিহাৰ কৰক। অন্যথা আবণ্টিত চৰকাৰী পুঁজি সদ ব্যৱহাৰৰ স্বাৰ্থত , ভয় ভাবুকিৰে উন্নয়নকামী ৰাইজক দমন পীড়ণ কৰিবলৈ লোৱা ঘৃণ্য কাৰচাজিৰ বিৰুদ্ধে ৰাইজে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ব । এই ক্ষেত্ৰত ৰাইজে জিলা উপায়ুক্ত শোণিত সত্বৱানৰ জৰুৰী হস্তক্ষেপ দাবী জনায়।