বটদ্রৱা থান আৰু ঐতিহাসিক ক’ৰচোং সত্রত শ্রীকৃষ্ণৰ জন্মাষ্টমী উদযাপন…

বটদ্রৱা থান আৰু ঐতিহাসিক ক’ৰচোং সত্রত শ্রীকৃষ্ণৰ জন্মাষ্টমী উদযাপন…

author-image
asomiyapratidin
New Update
বটদ্রৱা থান আৰু ঐতিহাসিক ক’ৰচোং সত্রত শ্রীকৃষ্ণৰ জন্মাষ্টমী উদযাপন…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহাপুৰুষ শ্রীশংকৰদেৱৰ জন্মস্থান বটদ্রৱা থানত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে শ্রীকৃষ্ণৰ জন্মাষ্টমী উৎসৱভাগ আৰম্ভ হৈছে। আজি ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথি উপলক্ষে পুৱা তাল কোবোৱা প্রসঙ্গ, মঞ্জিৰা নাম, আইসকলৰ নামৰ পাছত খোল প্রসঙ্গ আৰম্ভ হৈছে। ইপিনে জন্মাষ্টমী উপলক্ষে ক'ৰচোং সত্রৰ ঐতিহাসিক কলিয়া গোসাঁই থানত ভক্তপ্রাণ লোকে ভক্তি অঞ্জলি প্রদান কৰিছে। ক'ৰচোং সত্রত আজি পুৱা পুৱতী গীত, আই সকলৰ নাম, খোল প্রসঙ্গ, বিশেষ নাম-কীৰ্তন অনুষ্ঠিত হৈছে।