পাকিস্তানেই নহয়, বায়ু সেনায়ো সহায় নকৰিলে শ্ৰীনগৰ অভিমুখী ইণ্ডিগ'ৰ বিমানখনক !

পাকিস্তানেই নহয়, বায়ু সেনায়ো বিপদলৈ ঠেলি দিছিল ইণ্ডিগ’ৰ শ্ৰীনগৰ অভিমুখী বিমানখনক। নিজৰ পথ সলনি কৰাৰ অনুমতি বিচাৰিছিল যদিও সেই অনুমতি দিয়া নাছিল বায়ু সেনাই। 

author-image
Tushar Pratim
New Update
পাকিস্তানেই নহয়, বায়ু সেনায়ো সহায় নকৰিলে শ্ৰীনগৰ অভিমুখী ইণ্ডিগ'ৰ বিমানখনক !

ডিজিটেল ডেস্কঃ শত্ৰু দেশ পাকিস্তানেই নহয়, বায়ু সেনায়ো বিপদলৈ ঠেলি দিছিল ইণ্ডিগ’ৰ শ্ৰীনগৰ অভিমুখী বিমানখনক। বিপদত পৰাৰ সময়ত ভাৰতীয় বায়ু সেনাৰ পৰাও নিজৰ পথ সলনি কৰাৰ অনুমতি বিচাৰিছিল যদিও সেই অনুমতি নিদিলে বায়ু সেনাই। 

Advertisment

ফলত ২২৭ জন যাত্ৰী কঢ়িয়াই লৈ যোৱা ইণ্ডিগ’ৰ বিমানখনৰ পাইলটে অসহায় হৈ বিজুলী, ঢেৰেকনীৰে অহা ধুমুহাৰ ডাৱৰৰ মাজেৰে যাত্ৰা কৰিবলৈ বাধ্য হৈছিল। তেনে পৰিস্থিতিৰ মুখামুখি হোৱাৰ ফলতে বিমানখনৰ আগঅংশ মাজ আকাশতেই ভাঙি যাত্ৰী তথা বিমানখনৰ পাইলটকে ধৰি সকলো কৰ্মচাৰীলৈ বিপদ কঢ়িয়াই আনিছিল। 

শুকুৰবাৰে ভাৰতৰ অসামৰিক বিমান পৰিবহণ নিয়ন্ত্ৰক ডিজিচিএৰ বিবৃতিৰ আঁত ধৰি পি টি আইয়ে প্ৰকাশ কৰা এক বাতৰিত এই কথা উল্লেখ কৰা হৈছে। সেইদিনা প্ৰকৃততে কি হৈছিল সেই বিষয়ে বিমানখনৰ ক্ৰুক সোধাপোছা কৰাৰ সময়ত তেওঁলোকে এই কথা উল্লেখ কৰিছে।  

উল্লেখ্য যে, বুধবাৰে ইণ্ডিগ’ৰ 6E2142 বিমানখনে ২২৭ গৰাকী যাত্ৰীক লৈ দিল্লীৰ পৰা শ্ৰীনগৰ অভিমুখে ৰাওনা হোৱাৰ পিছতে মাজ আকাশত যাত্ৰা পথত প্ৰতিকূল বতৰৰ সন্মুখীন হয়। শ্ৰীনগৰ বিমান বন্দৰত অৱতৰণ কৰাৰ পিছত দেখা গৈছিল বিমানখনৰ সন্মুখভাগ ভাঙি পৰিছিল। 

সেই বিমানখনত আছিল তৃণমূল কংগ্ৰেছৰ এটা প্ৰতিনিধি দলো। অৱশ্যে এনে এক দুৰ্যোগৰ সন্মুখীন হোৱাৰ পিছতো সৌভাগ্যক্ৰমে বিমানখনৰ সকলো যাত্ৰীয়েই সুৰক্ষিত হৈ থাকে। 

তাৰ পিছৰে পৰা এই দুৰ্ঘটনা কিদৰে সংঘটিত হ’ল আৰু কিয় হ’বলৈ পালে সেই বিষয়ে তদন্ত অব্যাহত ৰাখিছে ডিজিচিএয়ে।তেওঁলোকে এক বিবৃতিত কয় যে বিমানখনে শ্ৰীনগৰলৈ যোৱাৰ সময়ত পাঠানকোটৰ ওচৰত শিলাবৃষ্টি আৰু ভয়াৱহ ধুমুহাৰ সন্মুখীন হয়। বিমানখনৰ ক্ৰুৱে জনোৱা মতে  প্ৰথমে তেওঁলোকে পথ সলনি কৰিবলৈ ভাৰতীয় বায়ুসেনাৰ অনুমতি বিচাৰিছিল। 

বিমানখনে পথ সলনি কৰি বাওঁফালে, আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কাষেদি যাব বিচাৰিছিল। কিন্তু বায়ুসেনাই সেই অনুমতি নিদিলে। ইয়াৰ পাছতে পাইলটে লাহোৰৰ এয়াৰ ট্ৰেফিক কণ্ট্ৰল (এ টি চি) কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰে। 

বেয়া বতৰৰ পৰা হাত সাৰিবলৈ পাকিস্তানৰ আকাশমাৰ্গ ব্যৱহাৰৰ অনুমতি বিচৰা হৈছিল। কিন্তু তেওঁলোকেও সেই অনুমতি প্ৰদান নকৰিলে। ডিজিচিএই জনোৱা মতে, দিল্লীৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ পিছত পাইলটে পাঠানকোটৰ কাষ চাপি অহাৰ লগে লগে এটা বজ্ৰপাতৰ ডাৱৰ দেখা পায়।

সেয়ে পাইলটগৰাকী নিশ্চিত আছিল সেই ডাৱাৰৰ মাজত প্ৰৱেশ কৰা মানেই বিপদ নিশ্চিত। সেয়ে তেওঁ দিশ সলনি কৰাৰ অনুমতি বিচাৰিছিল। দুয়োপক্ষই পাইলটৰ সেই অনুৰোধ নাকচ কৰাত উপায়ন্তৰ হৈ বিমানখ সেই ডাৱাৰৰ মাজেৰেই লৈ যাবলগীয়া হয়। 

বিমানখনে ডাৱৰৰ মাজত প্ৰৱেশ কৰাৰ লগে লগে বিপদজনকভাৱে টাৰ্বোলেন্স আৰম্ভ হয়। বিমানখনৰ উৰণৰ সময়ত অস্বাভাৱিক ভাৱে উচ্চতাও তল-ওপৰ হয়। কোনো সময়ত যদি বহু ওপৰলৈ উঠি গৈছিল আন সময়ত তললৈ নামি আহিছিল। এটা সময়ত বিমানখন ৮৫০০ ফুটলৈ নামি আহিছিল। 

ফলত বিমানখনৰ গতি কোনোবাসময়ত যদি বাঢ়িছিল আন কোনোবা সময়ত কমি আহিছিল। এনে পৰিস্থিতিত পৰিয়েই পাইলটে বিমানখনত জৰুৰীকালীন অৱস্থাও ঘোষণা কৰিছিল। 

সেই সময়ত বিমানখনৰ ‘অটোপাইলট’ প্ৰযুক্তিও বন্ধ কৰি দিয়া হৈছিল। পাইলটে বিমানখন হাতেৰেই চলাই বজ্ৰপাতৰ ডাৱৰৰ মাজেৰে উৰুৱাই নিছিল। লেণ্ডিঙৰ সময়ত মাজ আকাশতে নাকৰ অংশটো ভাঙি যায়।

বায়ু সেনা ইণ্ডিগ' বিমান