মাতৃৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰি কৰ্তব্যত উপস্থিত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অভয় ওকা...

মাকৰ খবৰটো পোৱা মাত্ৰকে ২২ মে'ত মুম্বাইলৈ ৰাওনা হয় ন্যায়াধীশ ওকা। বৃহস্পতিবাৰে মাতৃৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰি আজি ৰাতি উচ্চতম ন্যায়ালয়লৈ উভতি আহিব ন্যায়াধীশ গৰাকী।

author-image
Asomiya Pratidin
New Update
sc

ডিজিটেল ডেস্কঃ  "বিগত কেবা বছৰ ধৰি মই মাক সময় দিব পৰা নাছিলো। গতিকে অৱসৰৰ পাছত মাৰ লগত সময় কটাম বুলি ভাৱিছো"- অৱসৰৰ দুদিন পূৰ্বে এইদৰে মন্তব্য কৰিছিল উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অভয় শ্ৰীনিবাস ওকাই। কিন্তু সেই সময়ত মুম্বাইৰ এখন চিকিৎসালয়ত শ্ৰীনিবাস ওকাৰ মাতৃ বাসন্তী ওকাই শেষ নিশ্বাস ত্যাগ কৰিছিল,কিন্তু এই সন্দৰ্ভত জ্ঞাত নাছিল ন্যায়াধীশ শ্ৰীনিবাস ওকা।

Advertisment

মাকৰ খবৰটো পোৱা মাত্ৰকে ২২ মে'ত মুম্বাইলৈ ৰাওনা হয় ন্যায়াধীশ ওকা। বৃহস্পতিবাৰে মাতৃৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰি আজি ৰাতি উচ্চতম ন্যায়ালয়লৈ উভতি আহিব ন্যায়াধীশ গৰাকী। কাৰণ শুনানি সম্পূৰ্ণ কৰা গোচৰসমূহৰ বৃহস্পতিবাৰে ৰায়দান দিয়াৰ কথা আছিল। সেয়ে ন্যায়াধীশ ওকাই সিদ্ধান্ত লয় যে তেওঁ শেষ কৰ্মদিনটো অৰ্থাত ২৩ মে' শুকুৰবাৰে আদালতলৈ আহি বাকী ৰায়দানৰ লগতে কেইটামান গোচৰৰ শুনানি ল’ব।

উল্লেখযোগ্য যে, ব্যক্তিগত স্বাধীনতা, নাৰীৰ অধিকাৰ আৰু লিংগ সমতা, সমগ্ৰ দেশৰ পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত আশ্চৰ্য্যকৰ ৰায়দানেৰে প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ওকাই শনিবাৰে অৱসৰ গ্ৰহণ কৰিব। সেয়ে আজি  উচ্চতম ন্যায়ালয়ত এডভোকেটছ অন ৰেকৰ্ড এছ’চিয়েশ্যনে ন্যায়াধীশ অভয় ওকাৰ বিদায় অনুষ্ঠানৰ আয়োজন কৰে।

অনুষ্ঠানত উপস্থিত থাকি ন্যায়াধীশ ওকাই কয় যে, “মই সদায় বিশ্বাস কৰো যে এজন ন্যায়াধীশ অতি দৃঢ় আৰু কঠোৰ হ’ব লাগে লগতে এজন ন্যায়াধীশে দোষীক শাস্তি প্ৰদান কৰিবলৈ কুণ্ঠাবোধ কৰিব নালাগে।”

তেওঁক আনুষ্ঠানিক বিদায় দিবলৈ সমবেত হোৱা অধিবক্তা সকলে ন্যায়াধীশ গৰাকীৰ মাতৃৰ বিয়োগত শোক প্ৰকাশ কৰে। ভাৰতৰ এটৰ্নী জেনেৰেল আৰ ভেংকটাৰমণীয়ে ভাষণৰ আৰম্ভণিতে কয় যে, "আপোনাৰ মাতৃৰ মৃত্যুত আমি আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছো আৰু বিদেহী আত্মাৰ বাবে প্ৰাৰ্থনা কৰিছো।"

উচ্চতম ন্যায়ালয়ৰ এডভোকেটছ অন ৰেকৰ্ড এছ’চিয়েশ্যনৰ সভাপতি বিপিন নায়াৰে কয়,তেওঁৰ নাম ‘অভয়’ যাৰ অৰ্থ নিৰ্ভীক। তেওঁ সঁচাকৈয়ে সাহস, চৰিত্ৰ আৰু নিৰ্ভীকতাৰ প্ৰতিমূৰ্তি। এই গুণবোৰ তেওঁৰ প্ৰতিটো ৰায়তে প্ৰতিফলিত হয়। জাষ্টিছ ওকাৰ দৰে ন্যায়াধীশ এজন প্ৰজন্মত এবাৰেই আহে। 

ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই এই কথাত সন্মতি প্ৰকাশ কৰি কয় যে, ন্যায়াধীশ ওকা এজন অক্লান্ত ন্যায়াধীশ যিগৰাকী সদায় শুনানিৰ বাবে প্ৰস্তুত হৈ আহে। আটাইতকৈ আচৰিত কথাটো হ'ল যে মাতৃৰ হেৰুৱা পাছতো মাননীয় ন্যায়াধীশগৰাকীয়ে ন্যায়াধীশ হিচাপে নিজৰ কৰ্তব্যক সৰ্বোচ্চত ৰাখিলে। এইটো আমি সকলোৱে তেওঁৰ পৰা শিকা উচিত। ন্যায়াধীশ ওকাক সদায় এনে এজন ন্যায়াধীশ হিচাপে মনত ৰখা উচিত যিগৰাকী সদায় নিজৰ স্থিতিত অটল থাকে।

কোৱা বাহুল্য যে, ২০২১ চনৰ আগষ্ট মাহত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰা অভয় ওকা এগৰাকী উচ্চ অনুশাসিত, দায়িত্বশীল আৰু নীতিবান ন্যায়াধীশ। থানে জিলা আদালতৰ পিতৃৰ চেম্বাৰত আইনী কেৰিয়াৰ আৰম্ভ কৰিছিল ন্যায়াধীশ অভয় ওকাই।

ন্যায়াধীশ অভয় শ্ৰীনিবাস ওকা