কথমপি প্ৰাণ ৰক্ষা পৰিল এজন যুৱকৰ

শিৱসাগৰত খোৱা পানীৰ বটলত পানীৰ পৰিৱৰ্তে আহিল এচিড । সেই পানী খাবলৈ লোৱাৰ সময়তে ঘটিল অঘটন ৷ এই অঘটনৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিল এজন যুৱক । 

author-image
Asomiya Pratidin
New Update
সাৱধান! খোৱা পানীৰ বটলত এচিড

সাৱধান! খোৱা পানীৰ বটলত এচিড

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰত খোৱা পানীৰ বটলত পানীৰ পৰিৱৰ্তে আহিল এচিড। সেই পানী খাবলৈ লোৱাৰ সময়তে ঘটিল অঘটন ৷ এই অঘটনৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিল এজন যুৱক। 

Advertisment

শিৱসাগৰ জেঙনিকটীয়া আকিব জাভেদ নামৰ যুৱকজন ব্যক্তিগত কামত গৌৰীসাগৰলৈ যাওঁতে গৰম পৰা পৰিত্ৰাণ পাবলৈ কামাখ্যা ষ্টৰ নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ইণ্ডিপেণ্ডেন্ট নামৰ এটা খোৱাপানীৰ বটল ক্ৰয় কৰে। খোৱা পানীৰ বটলটো মুখত লওঁতেই যুৱকজনৰ মুখ আৰু নাকৰ অংশ জ্বলি যায়। তৰপাছতে ততাতৈয়াকৈ যুৱকজনক নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হয় ।

বৰ্তমান যুৱকজন সংকটমুক্ত যদিও মুখ আৰু নাকত যথেষ্ট আঘাত পায় ।যুৱকজনৰ ভাষ্য অনুসৰি ইণ্ডিপেণ্ডেন্ট নামৰ খোৱা পানীৰ বটলটোত পানীৰ বদলি এচিড সোমাই আছিল। ক'ৰ পৰা কেনেদৰে খোৱা পানীৰ বটলত এচিড সোমাই আছিল সেইয়া ৰহস্যৰ আৱৰ্তত যদিও যুৱকজনে ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব বুলি জানিবলৈ দিয়ে।

শিৱসাগৰ