/asomiyapratidin/media/media_files/2025/05/23/FWngLJ90aQKogehU3doW.jpg)
ডিজিটেল সংবাদ তেজপুৰঃ সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত শিক্ষাগত অৰ্হতাৰ ভুৱা প্ৰমাণ পত্ৰ দাখিল কৰি পঞ্চায়ত সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। নিৰ্বাচিত এই প্ৰতিনিধিগৰাকীৰ নাম মৌচুমী দাস।
বৰছলা বিধানসভা সমষ্টিৰ ৩৪ নং বিহগুৰি পঞ্চায়তৰ অন্তৰ্গত ৪ নং ছাগলী চুবুৰীৰ পৰা প্ৰতিদ্বন্দিতা কৰি ৱাৰ্ড সদস্য হিচাপে জয়ী হৈছে মৌচুমী দাস নামৰ মহিলাগৰাকী। ইয়াৰ পিছতেই এতিয়া পোহৰলৈ আহিছে তেওঁ দাখিল কৰা শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ দৰাচলতে ভুৱা।
/asomiyapratidin/media/media_files/2025/05/23/ETn7aMgwwVUTcI9oHzTu.jpeg)
তথ্য অনুসৰি মৌচুমী দাস নামৰ এইগৰাকী মহিলাই দাখিল কৰিছিল হলেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দশম শ্ৰেণীত অধ্যয়নৰ প্ৰমাণ পত্ৰ। তেওঁ দাখিল কৰা ১৯৯৫ চনৰ সেই প্ৰমাণ পত্ৰৰ ক্ৰমিক নম্বৰ হৈছে ১৮ নম্বৰ বহীৰ ১৮৬৩।
কিন্তু আচৰিত কথা এয়াই যে, হলেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা এতিয়ালৈকে ১৮ নম্বৰ বহীৰ পৰা ১৮৬৩ নম্বৰৰ কোনো প্ৰমাণ পত্ৰ দিয়া হোৱা নাই। এতিয়াও বিদ্যালয়খনৰ ১৮ নম্বৰৰ বহীৰ ১৮৬৩ ক্ৰমিক নম্বৰৰ প্ৰমাণ পত্ৰ উকা হৈ আছে।
/asomiyapratidin/media/media_files/2025/05/23/GN2Quy76nf8I60VGvbjG.jpeg)
বিদ্যালয়খনৰ অধ্যক্ষয়ো ইতিমধ্যে মৌচুমী দাসৰ নামত ১৮ নম্বৰ বহীৰ ১৮৬৩ নম্বৰ ক্ৰমিক নম্বৰৰ কোনো প্ৰমাণ পত্ৰ দিয়া নাই বুলিও স্পষ্ট কৰি দিছে। তাৰোপৰি বিদ্যালয়খনৰ প্ৰমাণ পত্ৰ এইদৰে জালিয়াতি কৰাৰ অপৰাধ সন্দৰ্ভত বিদ্যালয়খনৰ অধ্যক্ষ অৰুণ কুমাৰ সিঙে বিদ্যালয়সমূহৰ পৰিদৰ্শক, আৰক্ষী আদিক অৱগত কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ আবেদন জনাইছে।
/asomiyapratidin/media/media_files/2025/05/23/7PRM3xzCcaslXsMjBFdn.jpeg)
বিদ্যালয় পৰিদৰ্শকেও বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি তাৎক্ষণিভাৱে অনুসন্ধান কৰি জিলা আয়ুক্তক এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে অৱগত কৰিছে। উল্লেখ্য যে, নিৰ্বাচনত প্ৰতিদ্বন্দিতাৰ বাবে মনোনয়ন দাখিলৰ পাছত সেইবোৰ পুংখানুপুংখভাৱে পৰীক্ষা কৰা হয়।
কোনো প্ৰাৰ্খীয়ে ভুৱা প্ৰমাণ পত্ৰ দাখিল কৰিলে সেয়া অপৰাধ বুলি গণ্য কৰি মনোনয়ন বাতিল কৰাই নহয়, আইনী ব্যৱস্থাও গ্ৰহণ কৰা হয়।
/asomiyapratidin/media/media_files/2025/05/23/2dsOptAWNCPEKLulnf51.jpeg)
তেনে পৰিপ্ৰেক্ষিতত কিদৰে এইগৰাকী প্ৰাৰ্থীয়ে ভুৱা প্ৰমাণ পত্ৰৰে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিলে সেয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে। এতিয়া লক্ষ্যণীয় হ’ব জিলা আয়ুক্তগৰাকীয়ে শিক্ষাগত অৰ্হতাৰ ভুৱা প্ৰমাণ পত্ৰ দাখিল কৰা মৌচুমী দাস নামৰ এই প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে কেনে ব্যৱস্থা গ্ৰহণ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us