/asomiyapratidin/media/media_files/2025/05/23/BQgdeaZM8K4BjROSweJ5.jpg)
আৰক্ষীৰ বিৰুদ্ধে অভিযুক্তৰ সামাজিক মাধ্যমত গুৰুতৰ অভিযোগ
ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা সমজিলাৰ সোণাৰি চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত লাতিবৰচুক গাঁৱত অলপতে সংঘটিত হল এক চাঞ্চল্যকৰ ঘটনা। ৩মে'ত লাতিবৰচুক গাঁৱৰ বিপুল দলে নামৰ এগৰাকী ব্যৱসায়ী বন্ধুৰ পৰা পাব লগা টকা বিচাৰি নিবলৈ আহি ঢকুৱাখনা আৰক্ষীৰ লকআপত তিনিদিন কটাব লগা হল যোৰহাটৰ এজন ব্যৱসায়ী পংকজ বৰুৱা ওৰফে বাবাই ৷
অভিযুক্ত পংকজ বৰুৱাই দাবী কৰা অনুসৰি লাটিবৰচুক গাঁৱৰ বিপুল দলেৰ পৰা ব্যৱসায়ৰ সুত্ৰে ধাৰলৈ লৈছিল প্ৰায় ১লাখ ৪০ হাজাৰ টকা ৷ বিপুল দলেয়ে এই প্ৰাপ্য টকা বৰুৱাক নিবলৈ ফোনযোগে মাতিছিল। সেইমতে যোৰহাটৰ পৰা প্ৰাপ্য টকা নিবলৈ আহিছিলপংকজ বৰুৱা। পিছে প্ৰাপ্য টকা দিয়াৰ পাছতে ৰচনা কৰা হয় এখন নাটক। প্ৰাপ্য টকা আদায় দিয়াৰ পাছতে বৰুৱাৰ ওপৰত ভুৱা অভিযোগ দি মিছা অপবাদ জাপি দি লাটিবৰচুকৰ একাংশ যুৱকৰ সহযোগত যুৱকজনক চোৰ সজাই উক্ত ধন ৰাশি কাঢ়ি লোৱা হয় আৰু খেদি খেদি জেংৰাইমুখ আৰক্ষীক গতাই দিয়ে বিপুল দলে বাহিনীয়ে ।
জেংৰাইমুখ থানাৰ এগৰাকী উপ-পৰিদৰ্শকে থানাৰ ভিতৰতে পংকজ বৰুৱাৰ জিম্মাত পোৱা ১লাখ ৪০ হাজাৰ লাখ টকা সংগ্ৰহ কৰি বিপুল দলেক উভতাই দিয়ে আৰু অভিযুক্ত পংকজ বৰুৱাক ঢকুৱাখনা আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে৷ অভিযুক্ত পংকজ বৰুৱাই দাবী কৰা মতে, তেওঁৰ প্ৰাপ্য টকা বিপুল দলেৰ নিমন্ত্ৰণ মৰ্মে নিবলৈ অহা সন্দৰ্ভত সকলো প্ৰামাণিক তথ্য ঢকুৱাখনা সদৰ আৰক্ষীক জনাইছিল। কিন্তু তাৰ প্ৰতি গুৰুত্ব নিদিলে ঢকুৱাখনা আৰক্ষীয়ে। একপক্ষীয় সিদ্ধান্ত লৈ আৰক্ষীয়ে ৩মে'ৰ পৰা ৫ মে' লৈ তিনিটাকৈ দিন পংকজ বৰুৱাক চোৰ সজাই থানাত আবদ্ধ কৰি ৰাখিছিল ।
/asomiyapratidin/media/media_files/2025/05/23/OYE1N2ydEgSkNK0enUPk.jpeg)
ইফালে সংবাদ মাধ্যমলৈ অভিযুক্ত বৰুৱাই প্ৰেৰণ কৰা তথ্য মতে, বিপুল দলেয়ে এই চুৰিকাণ্ডৰ বিষয়ে কোনো এজাহাৰ দিয়া নাছিল জেংৰাইমুখ আৰু ঢকুৱাখনা থানাত। সেয়ে মাজুলী আৰক্ষীয়ে পংকজৰ জিম্মাত উদ্ধাৰ হোৱা টকা বিধিগতভাৱে জব্দ নকৰি বিপুল দলেক উভতাই দি দায়িত্ব সামৰিলে। ইপিনে কোনো এজাহাৰ নথকাকৈ এজন ব্যক্তিক এটা দিন আবদ্ধ কৰি ৰখাৰ পাছত ঢকুৱাখনা সদৰ থানাৰ অচি প্ৰিয়ব্ৰত গগৈয়ে ৪মে'ৰ নিশা বিপুল দলেক ফোন কৰি যদি পংকজ বৰুৱা বিৰুদ্ধে গোচৰ এজাহাৰ দিয়া নহয় তেন্তে বিপুল দলেক আটক কৰাত হেঁচা আৰু কঠোৰ সকিয়নী দিয়ে ।
আনহাতে আৰক্ষী বিষয়াৰ ধমকিত বিপুল দলেয়ে পাছদিনা ৰুজু কৰা এক গোচৰৰ ভিত্তিত ভাৰতীয় ন্যায় সংহিতাৰ ৩০৫ ধাৰাত ৩৮/২০২৫ নম্বৰত এক গোচৰ পঞ্জীয়ন হয় । কিন্তু পৰৱৰ্তী সময়ত বৰুৱাক "নটিছ"ত ঘৰলৈ যাবলৈ দি পাছদিনা পুনৰ থানাত উপস্থিত হোৱাৰ নিৰ্দেশ দিয়া হৈছিল । অভিযুক্ত বৰুৱাই দাবী কৰা মতে, এই গোচৰৰ তদন্তকাৰী বিষয়া উপ পৰিদৰ্শক অভিজিৎ গগৈয়ে প্ৰথমে বৰুৱাৰ পৰা ৩৫ হাজাৰ টকা আৰু পৰৱৰ্তী সময়ত আৰু ৫ হাজাৰ টকা লৈ নিৰ্বিঘ্নে যাবলৈ দিছিল। তাৎপৰ্যপূৰ্ণ ভাবে পৰৱৰ্তী সময়ত বৰুৱা থানাত উপস্থিত নহৈ ঢকুৱাখনাৰ আশ্ৰিত ঘৰৰ পৰা উধাও হয় আৰু আৰক্ষীক গোচৰত সহযোগিতা কৰাৰ পৰা বিৰত আছে।
ইপিনে ঢকুৱাখনা সদৰ থানাৰ ঐতিহ্যত পদাঘাত কৰা অভিযুক্ত আৰু আৰক্ষীৰ বিত্তীয় লেন দেনৰ অভিযোগৰ সত্যতা অস্বীকাৰ কৰিছে ঢকুৱাখনা আৰক্ষীয়ে। এক বিশেষ কৌশলগত উদ্দেশ্যত বৰুৱাক থানাৰ পৰা যোৱাৰ অনুমতি দিয়া হৈছিল বুলি জনাইছে আৰক্ষীয়ে । উল্লেখযোগ্য যে, বৰুৱাৰ নামত ঢকুৱাখনা সদৰ থানাত দুটা গোচৰ পঞ্জীভূত হৈ আছে।