মহিলাক প্ৰসূতিকালীন ছুটীৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰিবঃ উচ্চতম ন্যায়ালয়

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিলে প্ৰসূতিকালীন ছুটীৰ সৈতে জড়িত এক গুৰুত্বপূৰ্ণ ৰায়দান। তামিলনাডুৰ এগৰাকী মহিলা চৰকাৰী শিক্ষয়িত্ৰীয়ে দাখিল কৰা আবেদনৰ ভিত্তিত এই ঐতিহাসিক ৰায়দান কৰে উচ্চতম ন্যায়ালয়ে।

author-image
Asomiya Pratidin
New Update
মহিলাক প্ৰসূতিকালীন ছুটীৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰে

মহিলাক প্ৰসূতিকালীন ছুটীৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰে

ডিজিটেল ডেস্কঃ শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিলে প্ৰসূতিকালীন ছুটীৰ সৈতে জড়িত এক গুৰুত্বপূৰ্ণ ৰায়দান। প্ৰসূতিকালীন ছুটী প্ৰসূতিৰ সুবিধাৰ অবিচ্ছেদ্য অংশ আৰু ই মহিলাৰ প্ৰজনন অধিকাৰৰ এক গুৰুত্বপূৰ্ণ অংগ বুলি উল্লেখ কৰিলে উচ্চতম ন্যায়ালয়ে। লগতে ন্যায়ালয়ে উল্লেখ কৰে, কোনো প্ৰতিষ্ঠানে কোনো মহিলাক প্ৰসূতিকালীন ছুটীৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰে। তামিলনাডুৰ এগৰাকী মহিলা চৰকাৰী শিক্ষয়িত্ৰীয়ে দাখিল কৰা আবেদনৰ ভিত্তিত এই ঐতিহাসিক ৰায়দান কৰে উচ্চতম ন্যায়ালয়ে।

উল্লেখযোগ্য যে, তামিলনাডুৰ সেই মহিলাগৰাকীক দ্বিতীয় বিবাহৰ পৰা সন্তান জন্ম হোৱাৰ পিছতে প্ৰসূতিকালীন ছুটীৰ পৰা বঞ্চিত কৰা হৈছিল। আৱেদনত মহিলাগৰাকীয়ে উল্লেখ কৰে যে, প্ৰথম বিবাহৰ পৰা দুটা সন্তান জন্ম দিয়াৰ দোহাই দি তেওঁক প্ৰসূতিকালীন ছুটীৰ পৰা বঞ্চিত কৰা হৈছিল। তামিলনাডুৰ নিয়ম অনুসৰি- প্ৰথম দুটা সন্তানৰ বাবেহে প্ৰসূতিয়ে ছুটীৰ সুবিধা লাভ কৰে। আবেদনকাৰী মহিলাগৰাকীয়ে প্ৰথম বিবাহৰ পৰা তেওঁৰ দুটা সন্তান থকাৰ বাবে কোনো ধৰণৰ প্ৰসূতি ছুটী বা অন্যান্য সুবিধা লাভ কৰা নাছিল। অৱশ্যে মহিলাগৰাকীয়ে দ্বিতীয় বিবাহৰ পিছতহে চৰকাৰী সেৱাত যোগদান কৰিছিল। 

উচ্চতম ন্যায়ালয়