নগাঁৱৰ জামুগুৰি চাৰিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা..

নগাঁৱৰ জামুগুৰি চাৰিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা..

author-image
asomiyapratidin
New Update
নগাঁৱৰ জামুগুৰি চাৰিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা..

ডিজিটেল সংবাদ বটদ্ৰৱাঃ নগাঁও জিলাৰ জাজৰি আৰক্ষী থানা অন্তৰ্গত জামুগুৰি চাৰিআলিত বুধবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ঘটনাৰ বিৱৰণী মতে, নগাঁৱৰ দিশৰ পৰা আহি থকা AS 02 B 0334 নম্বৰৰ দ্ৰুতবেগী হোণ্ডাই গ্ৰেণ্ড আই টেন গাড়ীয়ে AS 21 G 5350 নম্বৰৰ বাইকক মহতিয়াই নি AS 02 S 9967 নম্বৰৰ টাটা জেষ্ট গাড়ীখনত খুণ্ডা মাৰেগৈ।

Advertisment

ঘটনাত বাইক আৰোহী গৰাকী গুৰুত্বৰ ভাবে আহত হয়। পাছত স্থানীয় লোকৰ তৎপৰতাত আহত গৰাকীক চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয়। ঘটনাস্থলীত জাজৰি আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত কৰা গাড়ী জব্দ কৰে। ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত জামুগুৰি চাৰিআলিত উত্তপ পৰিস্থিতিৰ সৃষ্টি হয়।