মহানগৰীৰ পানীখাইতিত ভয়ংকৰ ভূমিস্খলন : চাৰিজন আৰক্ষী জোৱান আহত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা ধাৰাসাৰ বৰষুণ আৰু ধুমুহাই ক্ষতিগ্ৰস্ত কৰিছে বহু লোকক। স্তব্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা। একে সময়তে শনিবাৰে গুৱাহাটী মহানগৰীৰ পানীখাইতিত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা।

author-image
Asomiya Pratidin
New Update
মহানগৰীৰ পানীখাইতিত ভয়ংকৰ ভূমিস্খলন

ডিজিটেল ডেস্ক : ৰাজ্যৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা ধাৰাসাৰ বৰষুণ আৰু ধুমুহাই ক্ষতিগ্ৰস্ত কৰিছে বহু লোকক। স্তব্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা। একে সময়তে শুকুৰবাৰে নিশা গুৱাহাটী মহানগৰীৰ পানীখাইতিত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা।

Advertisment

মহানগৰীৰ পানীখাইতিত ভয়ংকৰ ভূমিস্খলন

জানিব পৰা মতে পানীখাইতি আৰক্ষী চকীত সংঘটিত ভূমিস্খলনত চাৰিজন আৰক্ষী জোৱান আহত হয়। জোৱানকেইজন হৈছে-  পাঞ্চু প্রতিম বৰা, সীমান্ত পাঠক, দিলদাৰ হুছেইন আৰু ধ্রুৱজ্যোতি দত্ত। 

উল্লেখযোগ্য যে, পাহাৰৰ পৰা খহি পৰা মাটিয়ে আৰক্ষী চকীৰ দুখন দেৱাল ভাঙি পেলোৱাৰ ফলত জোৱানকেইজন আঘাতপ্ৰাপ্ত হয়। তাৰোপৰি পাহাৰৰ মাটি খহি বিস্তৰ ক্ষতিসাধন হয় থানাখনৰ।

Assam police