মানশিৰিৰ হৰগৌৰী মন্দিৰত শিৱৰ আৰাধনা

আজি মহা শিৱৰাত্ৰী ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ সমীপৰ

author-image
Asomiya Pratidin
New Update
মানশিৰিৰ হৰগৌৰী মন্দিৰত শিৱৰ আৰাধনা

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ আজি মহা শিৱৰাত্ৰী ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ সমীপৰ মানশিৰিৰ হৰগৌৰী মন্দিৰত চলিছে শিৱৰ আৰাধনা । শিৱৰাত্ৰীৰ দিনাই হৰগৌৰী মন্দিৰতো দেখিবলৈ পোৱা গৈছে অগনন ভক্তৰ লানি নিছিগা ভিৰ ।

Advertisment

৭২ ঘন্টীয়া অখণ্ড ৰ্কীতনৰে শুভাৰম্ভ কৰাৰ লগতে শুক্ৰবাৰে মাংগলিক নীতি নিয়মৰ মাজেৰে বিগ্ৰহৰ প্ৰান প্ৰতিষ্ঠা কৰা হয়। আজি মহা শিৱৰাত্ৰিৰ দিনাই পুৱাই উপস্থিত হোৱা ৰঙাপাৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে হৰগৌৰী মন্দিৰৰ মুখ্যদ্বাৰ মুকলি কৰাৰ লগতে বিধায়ক গৰাকীৰ পৰিয়াল বৰ্গই হৰগৌৰী মন্দিৰত শিৱ পাৰ্ব্বতীৰ লগতে নন্দি মূৰ্তি আগবঢ়ায় ।

বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে নিজৰ মনোকামনা সিদ্ধিৰ অৰ্থে বেলপাত, ধুপ-দ্বিপ-নৈৱেদ্য আগবঢ়াই মহাদেৱ শিৱক পূঁজা-অৰ্চনা কৰা পৰিলক্ষিত হৈছে । শিৱৰাত্ৰিৰ এই পৱিত্ৰ দিনটোত ৰঙাপাৰা সমষ্টিৰ বিধায়কগৰাকীয়ে সকলোৰে মংগলৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই সমূহ অসমবাসীৰ লগতে সমষ্টিবাসীলে মহা শিৱৰাত্ৰীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে ।

জনবিশ্বাস আছে যে সৰ্ববিৰাজমান,ক্ষণিকতে সন্তুষ্ট এই শিৱক আৰাধনা কৰিলে সুফল প্ৰাপ্তি হয় । এই আধ্যাত্মিক ধাৰণাক কেন্দ্ৰ কৰিয়ে আজি দেৱাদিদেৱ বোমভোলা শিৱক পূঁজা কৰিবলৈ এইদৰে অগণন শিৱভক্তই আহি ভিৰ কৰা পৰিলক্ষিত হৈছে খনামূখৰ মানচিৰি হৰগৌৰী মন্দিৰত ।

আৰু পঢ়কঃ জামুগুৰিহাটৰ বৰমতাত গোৰ্খা লোক নৃত্যৰ কৰ্মশালাৰ অন্তিম অনুশীলন সম্পন্ন

Mahashivratri