/asomiyapratidin/media/media_files/2025/05/29/oykCuiHLRgM0xOrrltyB.jpg)
২০২৬ ৰ নিৰ্বাচনত ৰাইজৰ দলে বিৰোধীৰ নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব
ডিজিটেল সংবাদ, কাজিৰঙাঃ "২০২৬ ৰ নিৰ্বাচনত ৰাইজৰ দলে বিৰোধীৰ নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব ৷" কাজিৰঙাত আওপকীয়াকৈ এই কথা স্পষ্ট কৰিলে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷ নিৰ্বাচন আয়োগৰ নীতি অনুসাৰে ৰাজনৈতিক দলৰ স্বীকৃতি অটুত ৰাখিবলৈ অহা নিৰ্বাচনত ৰাইজৰ দলক প্ৰয়োজন হ’ব ছয় শতাংশ ছিট ৷ গতিকে আগন্তুক নিৰ্বাচনত বহু স্থানত প্ৰাৰ্থীত্ব প্ৰদান কৰিব ৰাইজৰ দলে ৷
সভাপতি অখিল গগৈৰ বিশ্বাস যে, ছয় শতাংশৰ অধিক সমষ্টিত জয় লাভ কৰিব ৰাইজৰ দলে ৷ গতিকে চৰকাৰ গঠন কৰিবলৈ বিৰোধীয়ে ল’ব লাগিব ৰাইজৰ দলৰ সমৰ্থন ৷ আনহাতে মিত্ৰতাৰ ক্ষেত্ৰত পূৰ্বে ৩১ মে লৈকে ৰাইজৰ দলে সময় নিৰ্ধাৰণ কৰি দিছিল যদিও কংগ্ৰেছৰ সভাপতি সলনি হোৱাৰ পৰিপেক্ষিতত ৰাইজৰ দলে মিত্ৰতাৰ সময় সীমা বৃদ্ধি কৰিব বুলি মন্তব্য কৰে অখিল গগৈয়ে ৷ অৱশ্যে কংগ্ৰেছে এ আই ইউ ডি এফক লগত ল’লে মিত্ৰতাৰ বাবে ৰাইজৰ দল আগ নাবাঢ়ে বুলি মন্তব্য কৰে অখিল গগৈয়ে ৷
ইফালে, এন আৰ চিক ভিত্তি হিচাপে লোৱাৰ বিপৰীতে চৰকাৰে জধেমধে বাংলাদেশী আটক কৰিবলৈ যোৱাতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাটক বুলি অভিহিত কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷ অখিল গগৈৰ মতে "৭১ চনৰ ২৪ মাৰ্চৰ পাছত অহা বাংলাদেশীক বিতাড়ন কৰাত ৰাইজৰ দলৰ সম্পূৰ্ণ সমৰ্থন আছে ৷ কিন্তু বাচ-বিচাৰ নকৰাকৈ যাকে-তাকে বাংলাদেশী বুলি আটক কৰা কাৰ্য বিজেপিৰ নিৰ্বাচন কেন্দ্ৰিক নাটকৰ বাদে আন একো নহয় ৷ কিয়নো চৰকাৰে পুনৰ এন আৰ চি প্ৰস্তুত কৰাৰ কোনো প্ৰদক্ষেপ গ্ৰহন নকৰিলে ৷ এনে ক্ষেত্ৰত নিৰ্বাচনৰ পূৰ্বে হিন্দু মুচলমানৰ মাজত সংঘাতৰ সৃষ্টি কৰি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ চেষ্টা কৰিছে হিমন্ত চৰকাৰে" বুলি মন্তব্য কৰে অখিল গগৈয়ে ৷ "তৰুণ গগৈৰ কাৰ্যকালত যিমান বিদেশী বিতাড়ন কৰা হ’ল সৰ্বানন্দ সোনোৱালৰ দিনত সেই সংখ্যা কমিল ৷ কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ দিন এই সংখ্যা একেবাৰে নগণ্য হৈ পৰিল" বুলিও উল্লেখ বিধায়কগৰাকীৰ।
আনহাতে, নিৰাপত্তাৰ বাবে অসমৰ ৰাইজক অস্ত্ৰৰ লাইসেঞ্চ প্ৰদানৰ বাবে কেবিনেটে লোৱা সিদ্ধান্তক বিৰোধিতা অখিল গগৈৰ ৷ অখিল গগৈৰ মন্তব্য যে, "ভাৰত বা অসম চৰকাৰে অসমৰ ৰাইজক নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে ৷ যাৰ বাবে এনে সিদ্ধান্ত ল’বলৈ চৰকাৰ বাধ্য হৈছে ৷ এনে ক্ষেত্ৰত অখিল গগৈৰ দাবী ৰাইজক নিৰাপত্তা প্ৰদানত ব্যৰ্থ চৰকাৰ খনৰ মুখ্যমন্ত্ৰী দায়িত্বত হিমন্ত বিশ্ব শৰ্মা থকাৰ কথা কোনো অৰ্থ নাই ৷ গতিকে অনতিপলমে মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰাৰ দাবী" অখিল গগৈৰ ৷
একেদৰে মেৰাপানীত নগাৰ আগ্ৰাসন সন্দৰ্ভত অখিল গগৈয়ে কয় "মুখ্যমন্ত্ৰী হিমন্ত সাহসৰ অভাৱৰ বাবে চুবুৰীয়া ৰাজ্য অৰুণাচল মেঘালয় নাগালেণ্ড মিজুৰাম আদিৰ লগত নতশিৰ হৈ অসমৰ মাটি চুবুৰীয়া ৰাজ্যক এৰি দিব বিচাৰিছে।" লগতে তেওঁ মন্তব্য কৰে যে, "মুখ্যমন্ত্ৰীৰ এনে আচৰণৰ বাবে গোলাঘাট যোৰহাট শিৱসাগৰ ধেমাজিৰ আদি জিলাৰ ৰাইজে আতংকৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে ৷"