জামুগুৰিহাটৰ বৰমতাত গোৰ্খা লোক নৃত্যৰ কৰ্মশালাৰ অন্তিম অনুশীলন সম্পন্ন

জামুগুৰিহাটৰ বৰমতাত গোৰ্খা লোক নৃত্যৰ কৰ্মশালাৰ অন্তিম অনুশীলন সম্পন্ন

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বৰমতা খেলপথাৰত অনুষ্ঠিত গোৰ্খা লোক নৃত্য কৰ্মশালাৰ আজি অন্তিম অনুশীলন সম্পন্ন হয় । ইয়াৰ জৰিয়তে গোৰ্খা লোক সংস্কৃতিৰ বিকাশ হোৱাটো নিশ্চিত বুলি মন্তব্য কৰে কৰ্মশালাৰ তত্বাবধায়ক গোৰ্খা লোক সংস্কৃতিৰ সাধক তথা অসম চৰকাৰৰ শিল্পী পেঞ্চনৰ উপৰিও প্ৰতিমা বৰুৱা পাণ্ডে বঁটা প্ৰাপক বিনোদ খনালে ৷

মূঢ়াদল গোৰ্খা লোক সংস্কৃতি উন্নয়ন সমিতিৰ উদ্যোগত অনুষ্ঠিত এই কৰ্মশালাৰ অন্তিম অনুশীলনত অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক কিশোৰ কিশোৰী, যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in