ৰজাপথাৰ উ: মা: বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ...

কাৰ্বি আংলং জিলাৰ ৰজাপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক নিযুক্তিত প্ৰধান শিক্ষকৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ উত্থাপন হয়

author-image
Asomiya Pratidin
New Update
ৰজাপথাৰ উ: মা: বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ...

ডিজিটেল সংবাদ, হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ ৰজাপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক নিযুক্তিত প্ৰধান শিক্ষকৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ উত্থাপন হয়। শনিবাৰে ৰজাপথাৰত তিনি ছাত্ৰ সংগঠন ক্ৰমে তিৱা ছাত্ৰ সন্থা, বড়ো ছাত্ৰ সন্থা আৰু আদিবাসী ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত এখন সংবাদ মেলৰ আয়োজন কৰি প্ৰধান শিক্ষকৰ অনিয়মৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অতি শীঘ্ৰে পূৰ্বৰ অবৈধ নিযুক্তি বাতিল কৰি নিকা প্ৰক্ৰিয়াৰে পুনৰ নিযুক্তি দিবৰ বাবে সংবাদমেলৰ যোগেদি আহ্বান জনায়।

Advertisment

ৰজাপথাৰ আঞ্চলিক তিৱা ছাত্ৰ সন্থা, ৰজাপথাৰ আঞ্চলিক বড়ো ছাত্ৰ সন্থা আৰু বকলীয়াঘাট আঞ্চলিক আদিবাসী ছাত্ৰ সন্থা এই তিনি ছাত্ৰ সংগঠনটোৰ ছাত্ৰ নেতাসকলে সংবাদমেলত ৰজাপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক লক্ষণলাল চৌহানৰ অনিয়মৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে, উক্ত ৰজাপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক লক্ষণলাল চৌহানে নিজৰ মইমতালিৰে অনিয়মৰ আশ্ৰয় গ্ৰহণ কৰি নিজৰ ঘনিষ্ঠ লাইব চৌহানৰ দুই পুত্ৰ ক্ৰমে অজয় চৌহান আৰু বিজয় চৌহানক অবৈধভাৱে একেখন বিদ্যালয়তে নিযুক্তি দিয়ে।

আনহাতে অসমীয়া বিভাগৰ পদটোত নিযুক্তি দিয়াৰ ক্ষেত্ৰতো খেলি মেলিৰ অভিযোগ উঠিছে। এই সন্দৰ্ভত কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত অতি শীঘ্ৰে অনিয়মৰ বিৰুদ্ধে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰি উচিত পদক্ষেপ গ্ৰহণ কৰি নিকা প্ৰক্ৰিয়াৰে শিক্ষক নিযুক্তি দিবৰ বাবে আহ্বান জনাইছে তিনি ছাত্ৰ সংগঠনে । অন্যথা অনাগত দিনত ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ সকীয়নী দিয়ে ।

ৰজাপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ অনিয়মৰ বিৰুদ্ধে সংবাদ মেল আয়োজন কৰা অনুষ্ঠানত উপস্থিত থাকে কাৰ্বি আংলং জিলা তিৱা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অচ্যুত মছৰং, ৰজাপথাৰ আঞ্চলিক তিৱা ছাত্ৰ সন্থাৰ সভাপতি এধান মছৰং, ৰজাপথাৰ আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ সভাপতি বিষ্ণু বড়ো, বকলীয়াঘাট আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক বুদ্ধেশ্বৰ সৎনামী, ৰূপক মছৰং, বলু বসুমতাৰী, সিদ্ধাৰ্থ পাটৰ, অশোক মুনি আদি ।

Also Read: দৰঙত বস্তাই বস্তাই জব্দ গাঞ্জা; গ্ৰেপ্তাৰ তিনিজনক...

education department of assam