/asomiyapratidin/media/media_files/2025/05/11/fS6ZX7hW4Xw16VV3LWcr.jpg)
ডিজিটেল সংবাদ পশ্চিম কাৰ্বি আংলং: পশ্চিম কাৰ্বি আংলং জিলাত পুৱতি নিশা অহা এজাক প্ৰচণ্ড ধুমুহা, বতাহে বিস্তৰ ক্ষতি, সাধন কৰিলে। জিলাখনৰ উমচোৱাই চিকদামাখা গাঁৱতো প্ৰচণ্ড ধুমুহা বতাহৰ সৈতে অহা বৰষুণত বহু সাধাৰণ লোক ক্ষয়-ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে।
জিলাখনৰ দুই নং আমৰি পৰিষদীয় সমষ্টি এলেকাধীন অঞ্চলটোত সৃষ্টি হোৱা এনে দুৰ্যোগৰ পিছতে আজি পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্য উপস্থিত হয়গৈ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ পশুপালন বিভাগৰ ই এম ডি উফিং মাছলাই। তেওঁ অঞ্চলটোত উপস্থিত হৈ গাওঁখনত গৃহহীন হোৱা লোকসকলৰ ঘৰলৈ গৈ পৰিস্থিতিৰ বুজ লয়।
অঞ্চলটোৰ স্থানীয় বাসিন্দা জিলিআছ মাদাৰৰ গৃহ সম্পূৰ্ণৰূপে ধ্বংস হোৱাত তেওঁৰ কাষত থিয় হৈ গৃহ পুনৰ নিৰ্মাণৰ সন্দৰ্ভত মত বিনিময় কৰে। তেওঁ পুনৰ গৃহ নিৰ্মাণৰ ক্ষেত্ৰত সকলো ধৰণৰ সহযোগিতাৰ আশ্বাস দিয়ে।