হাওৰাঘাট তিনিআলিত ৰংজালী বৈশাগু উৎসৱৰ শুভাৰম্ভ

কাৰ্বি আংলং জিলাৰ হাওৰাঘাট তিনিআলিত কেইবাটাও আঞ্চলিক পৰ্যায়ৰ তথা অগ্ৰণী বড়ো সংগঠনৰ উদ্যোগত ৰংজালী বৈশাগু উৎসৱ উদযাপন কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
হাওৰাঘাট তিনিআলিত ৰংজালী বৈশাগু উৎসৱৰ শুভাৰম্ভ

ডিজিটেল সংবাদ, হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ হাওৰাঘাট তিনিআলিত কেইবাটাও আঞ্চলিক পৰ্যায়ৰ তথা অগ্ৰণী বড়ো সংগঠনৰ উদ্যোগত ৰংজালী বৈশাগু উৎসৱ উদযাপন কৰা হৈছে। এবছু , কছাৰী সমাজ , বড়ো সাহিত্য সভা , আবৌফ , দুলাৰায় বড়ো হাৰিমু আফাদ, গাঁওবুঢ়া সন্থা , প্ৰাক্তন বি এল টি কল্যাণ পৰিষদ, প্ৰাক্তন এন ডি এফ বি আদি সংগঠনৰ যৌথ উদ্যোগত প্ৰত্যেক বছৰৰ দৰে এইবেলিও ২৬ এপ্ৰিলৰ পৰা  দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ২১ সংখ্যক ৰংজালী বৈশাগু উৎসৱ অনুষ্ঠিত কৰা হৈছে। 

Advertisment

হাওৰাঘাট তিনিআলিত ৰংজালী বৈশাগু উৎসৱৰ শুভাৰম্ভ

আজি অনুষ্ঠানৰ প্ৰথম দিন । পশ্চিম চূণপোৰা প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰা প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি পুৱা ৭ বজাত পতাকা উত্তোলন কৰে আদৰণি সমিতিৰ সভাপতি গোলাপ বাগলাৰীয়ে ৷ 

পুৱা ৭-৩০ বজাত শ্বহীদ তৰ্পণ কৰে কমল বসুমতাৰীয়ে ৷ পুৱা ৮ বজাত মূল প্ৰৱেশ দ্বাৰ মুকলি কৰে শংকৰ দয়াল খাখলাৰীয়ে ৷ পুৱা ৯ বজাত বিভিন্ন পৰম্পৰাগত খেল - ধেমালি উদ্ধোধন কৰে কছাৰী সমাজৰ সভাপতি হৰি নাৰ্জাৰীয়ে ৷ 

হাওৰাঘাট তিনিআলিত ৰংজালী বৈশাগু উৎসৱৰ শুভাৰম্ভ

ইয়াৰ পিছতে ছোৱালীৰ কাবাডী,  ল’ৰাৰ ভলীবল আৰু মহিলাৰ ৰচী টনা খেল আৰু অন্যান্য খেল পৰিচালনা কৰা হয় ৷ সন্ধিয়া ৬ বজাত সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ উদ্ধোধন কৰে দুলাৰায় বড়ো হাৰিমু আফাদ কাৰ্বি আংলং জিলা সমিতিৰ উপ - সভাপতি ৰাজেশ্বৰ খাখলাৰীয়ে ৷ 

ইয়াৰ পিছতে বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতাত বৈশাগু নৃত্য , দেমচি নৃত্য আৰু একক আধুনিক নৃত্যৰ ওপৰত প্ৰতিযোগিতা অনুষ্ঠিত হয়।

karbi aanglong