/asomiyapratidin/media/media_files/2025/05/05/vHZwCFAkkIT5IX4rGlVJ.jpg)
ডিজিটেল সংবাদ পশ্চিম কাৰ্বি আংলং: কাৰ্বি আংলং জিলাৰ ষষ্ঠ অনুসূচি এলেকাত অহা ৭ মে’ত অসম চৰকাৰৰ পঞ্চায়ত নিৰ্বাচনৰ অনুষ্ঠিত কৰিব বিচৰাক লৈ সোমবাৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হয়। উল্লেখ্য যে, পশ্চিম কাৰ্বি আংলং জিলা তথা কাৰ্বি আংলং স্বাযত্ব শাসিত পৰিষদৰ এক নং দোৱাৰ আমলা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কেইখনমান গাঁৱত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ লোৱাৰ বিৰুদ্ধে কাৰ্বি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাম সিং টকবিসহ এ পি এইছ এল চি সংগঠনৰ নেতা হাৱে লিয়াৎ আদিৰ নেতৃত্বত আজি এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।
নগাওঁ আৰু হোজাই জিলাৰ সীমামুৰীয়া অঞ্চলৰ পশ্চিম কাৰ্বি আংলং জিলাৰ এই গাওঁ কেইখনত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিৰুদ্ধে আজি প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ কৰাৰ সময়ত মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ উপৰিও ৰোপ সিং টেৰন, ই এম প্ৰভাত চন্দ্ৰ তাৰৌ আদি গ’ বেক শ্ল’গান দিয়ে। এই প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে প্ৰতিবাদী নেতা ৰাম সিং টকবিয়ে সংবাদ মাধ্যমৰ আগত কয় যে, ষষ্ঠ অনুসূচী এলেকাত পঞ্চায়ত নিৰ্বাচনৰ কোনো প্ৰকাৰে গ্ৰহণযোগ্য নহয়।
তদুপৰি তেওঁ সীমামূৰীয়া পশ্চিম কাৰ্বি আংলঙৰ ৰাইজেও যাতে এই পঞ্চায়ত নিৰ্বাচনত অংশ গ্ৰহণ নকৰে তাৰ বাবে আহ্বান জনাইছে। অৱশ্যে তেওঁলোকৰ এই আহ্বান ৰাইজে গ্ৰহণ কৰেনে নাই অথবা এই অঞ্চলত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব নে নাই সেই ৭ মে’ৰ দিনাহে স্পষ্ট হ’ব।