/asomiyapratidin/media/media_files/2025/05/03/JYWFkWNUBOxFjjEamBIC.jpg)
ডিজিটেল ডেস্কঃ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ সুবিশাল ফাৰ্ম হাউচৰ বিষয়টো পোহৰলৈ অহাৰ লগে লগে তেওঁৰ বিৰুদ্ধে দুৰ্নীতি, অনিয়মৰ বিভিন্ন অভিযোগ উত্থাপন হৈছে। এখন স্বায়ত্ব শাসিত পৰিষদৰ চি ই এম হৈ তেওঁ কিদৰে ২০০ কোটি টকীয়া ফাৰ্ম হাউচ নিৰ্মাণ কৰিছে, সম্পত্তিৰ পাহাৰ গঢ়িছে সেয়া এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে।
তাৰ মাজতেই কাৰ্বি আংলঙৰ যুৱ কংগ্ৰেছৰ নেতা আগষ্টীন ইংহিয়ে এক সংবাদ মেলৰ জৰিয়তে তুলিৰাম ৰংহাঙে কৰি থকা দুৰ্নীতি, অনিয়মৰ বিষয়ে উল্লেখ কৰি তাৰ বিৰুদ্ধে তদন্তৰ কথাও উল্লেখ কৰিছে। উল্লেখ্য যে, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে ইজন নেতাৰ পিছত সিজন নেতাই বিভিন্ন অভিযোগ উত্থাপন কৰি আহিছে।
কিছু দিন পূৰ্বে বিজেপিৰ এখন যোগদান সভাত ভাষণ প্ৰসংগত তুলিৰাম ৰংহাঙে পশ্চিম কাৰ্বি আংলং জিলাৰ যুৱ কংগ্ৰেছৰ সভাপতি আগষ্টীন ইংহিৰ ঘৰৰ পৰা ট্ৰাকে ট্ৰাকে গছৰ কুণ্ডা জব্দ কৰা হৈছিল বুলি আগষ্টীন অভিযোগ উত্থাপন কৰিছিল। সেই অভিযোগৰ পাছতে এতিয়া মুখ খুলিছে যুৱ কংগ্ৰেছৰ নেতাগৰাকীয়ে।
আগষ্টীন ইংহিয়ে তুলিৰামে ৰংহাঙে ক'ত গছ কাটি বাগান বনাইছে, চাহ বাগান কৰিছে, কিদৰে সম্পত্তিৰ পাহাৰ গঢ়িছে, কাৰ ধন লুটি-পুতি খাইছে আদি বিষয়সমূহ সংবাদ মেলৰ জৰিয়তে প্ৰকাশ কৰিছে। আনকি তুলিৰামৰ দুৰ্নীতি, অনিয়মৰ বিষয়বোৰ ৰাজহুৱা হৈ পৰাত তেওঁৰ মগজুৱে কাম কৰা নাই বুলিও কৈছে কংগ্ৰেছৰ যুৱ নেতাগৰাকীয়ে।
সংবাদ মেলত আগষ্টীন ইংহীয়ে কয়, তেওঁ ২০০ কোটি টকা ব্যয়ৰে ঘৰ নিৰ্মাণ কৰি থকাৰ কথা সংবাদ মাধ্যমত প্ৰকাশ পাইছে। তেওঁৰ যিগৰাকী ইঞ্জীনিয়াৰ তেওঁ সেয়া ফেচবুকত দিছে। এয়া আমাৰ কথা নহয়। আমাৰ প্ৰশ্ন, এখন কাউন্সিলৰ প্ৰতিনিধি বা এগৰাকী চি ই এমৰ মাহে উপাৰ্জন কিমান? দৰমহা কিমান?
দৰমহা চাই তেওঁলোকৰ সম্পত্তি বেছি হৈছে। দুৰ্নীতি কোনে কৰিছে? এতিয়া তেওঁৰ ঘৰৰ কথা উলাইছে, ক’ৰবাত ডাঙৰ ডাঙৰ বাগানো কৰি থৈছে। ক’ৰবাত ফাৰ্ম আছে, ক’ৰবাত চাহ বাগান আছে। সেই গোটেইবোৰ তথ্য আমি সংগ্ৰহ কৰি আছো।
পশ্চিম কাৰ্বি আংলঙৰ মুক্ৰ’ বুলি এখন ঠাইত হাজাৰ হাজাৰ বিঘা ভূমিত ডাঙৰ ডাঙৰ গছ জে চি বি, ফকলেণ্ড লগাই গোটেইবোৰ চাফা কৰি তাত বেলেগ এখন বাগান কৰিব বুলি আমি গম পাইছো। সেই গছবোৰ যে কাটিছে সেয়া বিভাগীয় ভাৱে নীতি, নিয়মৰ মাজেৰে কাটিছে নে চি ই এম হোৱাৰ বাবেই নিজৰ নিৰ্দেশত তেওঁ নিজ ইচ্ছা মতে কাটিছে সেই বিষয়ে ৰাইজে জানিবলৈ বিচাৰিছে।
আগষ্টীনে আৰু কয়, আপোনালোকে জানে তেওঁৰ বিৰুদ্ধে কিমান অভিযোগ, কিমান দুৰ্নীতি। কাৰ্বি আংলঙৰ ৰাইজৰ সম্পদ, টকা লুটি শেষ কৰি পেলাইছে। এতিয়া সেইবোৰ ঢাকিবলৈ মোৰ বিৰুদ্ধে অভিযোগ আনিছে।
কাৰ্বি আংলঙৰ ৰাইজে সকলোবোৰ দেখি আছে, সকলো কথা গম পাই আছে। আহিবলগীয়া দিনত ৰাইজে আৰু কংগ্ৰেছ দলে উচিত বিচাৰ, উচিত তদন্তৰ ব্যৱস্থা কৰিব।
আগষ্টীনে আৰু কয়, তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে কাৰ্বি আংলং জিলা কংগ্ৰেছে এক সংবাদ মেল সম্বোধন কৰি কাৰ্বি আংলঙৰ কাঠ, মাটি, বালি এই গোটেইবোৰৰ চিণ্ডিকেটৰ মাষ্টৰ তুলিৰাম ৰংহাং বুলি উল্লেখ কৰিছিল। তেওঁৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগৰ পাছতে মগজুৱে কাম কৰা নাই আৰু হোৱাই নোহোৱাই বিভিন্ন অভিযোগ কংগ্ৰেছৰ ওপৰত জাপি দিব বিচাৰিছে।
সেয়ে আমি সিদ্ধান্ত লৈছো কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অধীনত বছৰে যিমান পুঁজি আহে সেই পুঁজি ক’ত ক’ত ব্যয় কৰা হয় সেই প্ৰতিটো বিষয়ৰে তদন্ত কৰা হ’ব।