/asomiyapratidin/media/media_files/2025/05/31/zrLAb10xHyVAJgk6izDd.jpg)
ডিজিটেল সংবাদ বৈঠালাংছ': ধাৰাসাৰ বৰষুণৰ বাবে বৃদ্ধি পাইছে কাৰ্বি লাংপি (বৰাপানী নদী)ৰ বাঢ়নী পানী। তাৰ মাজতেই কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ চাৰিখনকৈ শ্লুইছ গেট খুলি দিছে কৰ্তৃপক্ষই। ফলত নদীখনে সৃষ্টি কৰা বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ পশ্চিম কাৰ্বি আংলং জিলাৰ আয়ুক্ত সাৰংগ পানী শৰ্মাই একাধিক সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰিছে।
জিলা আয়ুক্তগৰাকীয়ে পশ্চিম কাৰ্বি আংলং জিলাত সকলো চৰকাৰী এল পি, এম ই, হাই স্কুল, হায়াৰ ছেকেণ্ডেৰী স্কুল, কলেজৰ লগতে সকলো ব্যক্তিগতখণ্ডৰ বিদ্যালয় ৩১ মে’, ২০২৫ ৰ পৰা পৰা ২ জুন, ২০২৫ পৰ্যন্ত বন্ধ ঘোষণা কৰিছে। ইয়াৰ পূৰ্বে আন এক নিৰ্দেশনাৰ জৰিয়তে তেওঁ নদীৰ জলস্তৰ বৃদ্ধিৰ বাবে মাছ ধৰা, নদীত গা ধোৱা, নদী পাৰ হোৱা আদি কাৰ্যৰ পৰা বিৰত থাকিবলৈ নৈপৰীয়া ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰি তেনেবোৰ কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছিল।
এক জাননীৰ জৰিয়তে জিলা আয়ুক্ত তথা জিলাখনৰ দুৰ্যোগ প্ৰশমণ কৰ্তৃপক্ষৰ অধ্যক্ষগৰাকীয়ে দুৰ্যোগ প্ৰশমণ আইন,২০২৫ ৰ ধাৰা ৩০(২)(xviii) ৰ জৰিয়তে প্ৰাপ্ত ক্ষমতাৰ আধাৰত এই নিৰ্দেশনা জাৰি কৰিছে।