কাৰ্বি-আংলং

বড়ো আন্দোলনৰ ছহিদ গাইদে আৰু হেলেনাৰ স্মৃতিত 'বৰ বিমা ছান' পালন...

Asomiya Pratidin

ডিজিটেল সংবাদ, হাওৰাঘাট : ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে প্ৰত্যেক বছৰৰ দৰে এইবেলিও কাৰ্বি আংলং জিলাৰ হাওৰাঘাট অঞ্চলৰ গৰখীয়া পুখুৰী গাঁৱৰ ব্ৰহ্মজ্যোতি নামঘৰ চৌহদত হাওৰাঘাট তিনি আলি আঞ্চলিক আবৌফৰ উদ্যোগত আৰু হাওৰাঘাট তিনি আলি অগ্ৰণী বড়ো সংগঠনৰ সহযোগত শুকুৰবাৰে এদিনীয়া কাৰ্যসূচীৰে বড়ো আন্দোলনৰ ছহিদ গাইদে বসুমতাৰী আৰু হেলেনা বসুমতাৰীৰ স্মৃতিত 'বৰ বিমা ছান' শীৰ্ষক কাৰ্যসূচী পালন কৰা হয় ।

কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত পতাকা উত্তোলন কৰে হাওৰাঘাট তিনি আলি আঞ্চলিক আবৌফৰ সভানেত্ৰী বন্দনা হাজৰিকা ওৱাৰীয়ে । ইয়াৰ পিছতে বড়ো আন্দোলনৰ দুই ছহিদ গাইদে আৰু হেলেনাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে স্মৃতি তৰ্পণ আৰু পুষ্পাঞ্জলী প্ৰদান কৰে আবৌফৰ উপ সভানেত্ৰী প্ৰমিলা ফখ্ৰাৰীয়ে । অনুষ্ঠানতে অসম চৰকাৰৰ জৰিয়তে ফৰগ্ৰেট চাকৰি লাভ কৰিবলৈ সক্ষম হোৱা গৰখীয়া পুখুৰী গাঁৱৰ ৰিছমা বসুমতাৰী, গড়জগা বাতাবাৰী গাঁৱৰ প্ৰতিমা বসুমতাৰী, মিৰদুপথাৰ গাঁৱৰ মইনা নাৰ্জৰী, শিল্পিনা ওৱাৰীকে ধৰি মুঠ ৭ গৰাকী চৰকাৰী চাকৰিত নিযুক্তি পোৱা পুৰুষ মহিলাক বড়ো আৰণাইৰে সম্বৰ্ধনা জনোৱা হয় ।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে কাৰ্বি আংলং জিলা আবৌফৰ সহকাৰী সম্পাদিকা সুখুশ্ৰী দৈমাৰী, হাওৰাঘাট তিনি আলি আঞ্চলিক কছাৰী সমাজৰ সভাপতি আৰু সম্পাদক হৰি নাৰ্জাৰী আৰু বীৰেন স্বৰ্গীয়াৰী, আবৌফৰ সভানেত্ৰী বন্দনা হাজৰিকা ওৱাৰী, ধৰ্মেন্দ্ৰ খাখলাৰী, এবচুৰ সভাপতি দীনেশ নাৰ্জাৰী আদি উপস্থিত থাকি ভাষণ দিয়ে।