মোডীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ !

এই ধাৰাবাহিকখনত অভিনয় কৰা সময়ত ধাৰাবাহিকখনৰ প্ৰযোজক আৰু প্ৰযোজনাৰে জড়িত কেইজনমান লোকে তেওঁৰ ওপৰত যৌন নিৰ্যাতন চলাইছে।
মোডীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ !

ডিজিটেল ডেস্কঃ সৰু পৰ্দাৰ জনপ্ৰিয় চিৰিয়েল টাৰাক মেহতা কা উলটা ছচমাত অভিনয় কৰা এগৰাকী অভিনেত্ৰীয়ে মুম্বাই আৰক্ষীৰ ওচৰক এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। নাম প্ৰকাশত অনিচ্ছুক অভিনেত্ৰী গৰাকীয়ে অভিযোগ কৰা মতে এই ধাৰাবাহিকখনত অভিনয় কৰা সময়ত ধাৰাবাহিকখনৰ প্ৰযোজক আৰু প্ৰযোজনাৰে জড়িত কেইজনমান লোকে তেওঁৰ ওপৰত যৌন নিৰ্যাতন চলাইছে।

প্ৰযোজক অচিত মোডীৰ বিৰুদ্ধে অভিনেত্ৰী গৰাকীয়ে মুম্বাই আৰক্ষীৰ ওচৰত এজাহাৰো দাখিল কৰিছে। মুম্বাই আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে এই এজাহাৰৰ ভিত্তিত অভিযুক্তসকলক অচিৰেই আটক আৰু জেৰা কৰিব আৰক্ষী।

ইফালে প্ৰযোজক অচিত মোডীয়ে এনে অভিযোগক নীতিহীন বুলি আখ্যা দি অভিনেত্ৰী গৰাকীয়ে তেওঁৰ সন্মানহানি কৰিবলৈ এই ধৰণৰ অভিযোগ উত্থাপন কৰা বুলি দাবী কৰিছে।

মোডীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ !
ডিব্ৰুগড় উপস্থিত হৈ মিতভাষৰ স্ৰষ্টা নগেন শইকীয়াৰ আশিস ল'লে 'অসমীয়া প্ৰতিদিন'ৰ সম্পাদক জয়ন্ত বৰুৱাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in