বদলি অথবা নিলম্বন কৰক অনন্ত লাল জ্ঞানীকঃ কঠোৰ ন্যায়ালয়...

বদলি অথবা নিলম্বন কৰক অনন্ত লাল জ্ঞানীকঃ কঠোৰ ন্যায়ালয়...

author-image
Asomiya Pratidin
New Update
বদলি অথবা নিলম্বন কৰক অনন্ত লাল জ্ঞানীকঃ কঠোৰ ন্যায়ালয়...

বদলি অথবা নিলম্বন কৰক অনন্ত লাল জ্ঞানীকঃ কঠোৰ ন্যায়ালয়...

ডিজিটেল ডেস্কঃ কৃষি বিভাগত কেলেংকাৰী সংঘটিত কৰি ন্যায়ালয়ৰ ৰোষত পৰা বিভাগটোৰ সঞ্চালক অনন্ত লাল জ্ঞানীৰ নতুন বিপদ। ন্যায়ালয় অৱমাননাৰ অপৰাধত তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

Advertisment

ন্যায়ালয় অৱমাননা কৰা অনন্ত লাল জ্ঞানীক শীঘ্ৰেই কৃষি বিভাগৰ পৰা বদলি অথবা নিলম্বন কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে। ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিবলৈ এই নিৰ্দেশনা প্ৰদান কৰিছে ন্যায়ালয়ে।

এই নিৰ্দেশনাত কোৱা হৈছে যেতিয়ালৈকে তেওঁৰ বিৰুদ্ধে উত্থাপিত কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ নহয় তেতিয়ালৈকে বাহাল থাকিব ন্যায়ালয়ৰ এই নিৰ্দেশনা। ইয়াৰোপৰি দুমাহৰ ভিতৰত তদন্তৰ প্ৰতিবেদন ন্যায়ালয়ত দাখিলৰো নিৰ্দেশ দিয়া হৈছে।

উল্লেখ্য যে, ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰি থোৱাৰ পাছতো ঠিকা আবণ্টন দিছিল এইগৰাকী কৃষি বিভাগৰ সঞ্চালক অনন্ত লাল জ্ঞানীয়ে। এই সন্দৰ্ভত তেওঁ শেহতীয়াকৈ ন্যায়ালয়ত ক্ষমা বিচাৰি আবেদনো জনাইছিল৷

Also Read: ৰাহুলক কাৰাদণ্ড বিহি গুজৰাট চৰকাৰৰ পুৰস্কাৰ পালে দণ্ডাধীশ এইছ এইছ শৰ্মাই...

গুৱাহাটী উচ্চ ন্যায়ালয় কৃষি বিভাগ