ৰাহুলক কাৰাদণ্ড বিহি গুজৰাট চৰকাৰৰ পুৰস্কাৰ পালে দণ্ডাধীশ এইছ এইছ শৰ্মাই...

ৰাহুলক কাৰাদণ্ড বিহি গুজৰাট চৰকাৰৰ পুৰস্কাৰ পালে দণ্ডাধীশ এইছ এইছ শৰ্মাই...

author-image
Asomiya Pratidin
New Update
ৰাহুলক কাৰাদণ্ড বিহি গুজৰাট চৰকাৰৰ পুৰস্কাৰ পালে দণ্ডাধীশ এইছ এইছ শৰ্মাই...

ৰাহুলক কাৰাদণ্ড বিহি গুজৰাট চৰকাৰৰ পুৰস্কাৰ পালে দণ্ডাধীশ এইছ এইছ শৰ্মাই...

ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড বিহি পুৰস্কাৰ লাভ কৰিলে চুৰাটৰ নিম্ন আদালতৰ দণ্ডাধীশগৰাকীয়ে। ৰাহুল গান্ধীক শাস্তি ঘোষণা কৰাৰ মাত্ৰ ডেৰটা মাহৰ পিছতেই এই পুৰস্কাৰ লাভ কৰিছে দণ্ডাধীশ এইছ এইছ শৰ্মাই।

Advertisment

গুজৰাট চৰকাৰে শৰ্মাক মেজিষ্ট্ৰেট ক’ৰ্টৰ পৰা ৰাজকুটৰ অতিৰিক্ত জিলা ন্যায়ধীশ পদলৈ পদোন্নতি দিছে। উল্লেখ্য যে, মানহানিৰ এক গোচৰত যোৱা ২৩ মাৰ্চত ৰাহুল গান্ধীক ২বছৰৰ কাৰাদণ্ড দিছিল চুৰাটৰ নিম্ন আদালতে ।

চুৰাটৰ আদলতৰ দণ্ডাধীশ এইছ এইছ শৰ্মাই ৰাহুল গান্ধীক সেই শাস্তি বিহাৰ পিছৰ দিনাই লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ সাংসদ হিচাপে দিল্লীত লাভ কৰা বাসগৃহও ত্যাগ কৰিবলৈ বাধ্য হৈছে। 

ৰাহুল গান্ধীক শাস্তি বিহা সেই দণ্ডাধীশ এইছ এইছ শৰ্মাক চুৰাটৰ মুখ্য দণ্ডাধীশৰ পৰা চিধাই ৰাজকুটৰ অতিৰিক্ত জিলা ন্যায়াধীশৰ পদলৈ পদোন্নতি দিয়া হৈছে। সম্প্ৰতি গুজৰাট চৰকাৰে মুঠ ৬৮ গৰাকী ন্যায়াধীশক বদলি আৰু পদোন্নতিৰ নিৰ্দেশ জাৰি কৰিছে।

এই ৬৮ গৰাকী ন্যায়াধীশৰ ভিতৰত মাত্ৰ ৫ জনে পদোন্নতি লাভ কৰিছে। এই ৫ গৰাকী ন্যায়াধীশৰ মাজত আছে এইছ এইছ শৰ্মাও। ইফালে কংগ্ৰেছ প্ৰথমৰে পৰা অভিযোগ উত্থাপন কৰি আহিছে ৰাহুল গান্ধীৰ গোচৰ সন্দৰ্ভত ন্যায়পালিকাক বিজিপিয়ে ব্যৱহাৰ কৰিছে।

ৰাজনৈতিক আৰু আইন বিশেষজ্ঞসকলেও আক্ষেপ কৰিছিল, ৰাহুলৰ ক্ষেত্ৰত লঘু দোষত গুৰু শাস্তি বিহা হৈছে। সেয়ে এতিয়া এইছ এইছ শৰ্মাৰ পদোন্নতিয়ে সেই অভিযোগক কিছু মান্যতা প্ৰদান কৰিছে বুলি চৰ্চা চলিছে।  

Also Read: ডুবাইত অনুষ্ঠিত এছিয়ান পাঞ্জা প্ৰতিযোগিতাত অসম কন্যাৰ সাফল্য...

গুজৰাট ৰাহুল গান্ধী কংগ্ৰেছ