আজি বিশ্ব বাহঁ দিৱস

আজি বিশ্ব বাহঁ দিৱস

author-image
Asomiya Pratidin
New Update
আজি বিশ্ব বাহঁ দিৱস

ডিজিটেল সংবাদ, কাজিৰঙাঃ আজি বিশ্ব বাহঁ দিৱস ৷ বাঁহ সংৰক্ষণ তথা সজাগতাৰ উদ্দেশ্যেৰে আজিৰ দিনটো বিশ্ব বাহঁ দিৱস হিচাপে পালন কৰা হয় ৷ জৈৱ বৈচিত্ৰতাৰে ভৰপুৰ কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত আছে এখন বিশেষ বাহঁৰ বাগিছা।

Advertisment

২০১৮ চনৰ ১৪ অক্টোবৰ তাৰিখে অৰণ্য মানৱ যাদৱ পায়েঙে উদ্ধোধন কৰা বাহঁৰ বাগিছাখনত অৰ্কিড উদ্যান কৰ্তৃপক্ষই সংৰক্ষণ কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ মুঠ ৮০ বিধ প্ৰজাতিৰ বাহঁ ৷উত্তৰ পুৰ্বাঞ্চলত পোৱা সবাতোকৈ সৰু বাহঁ বিধৰ পৰা সবাটোকৈ ডাঙৰ বাহঁবিধ উপলব্ধ উদ্যানখনত৷

শেহতীয়াকৈ কাজিৰঙা জাতীয় অৰ্কিড উদ্যানলৈ অহা প্ৰতিজন পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাহঁৰ উদ্যানখন ৷ কিয়নো এক মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত অৱস্থিত বাহঁৰ বাগিছা খনত থকা আসনত বহি পৰ্যটকে উপভোগ কৰিব পাৰে কাৰ্বি পাহাৰৰ মনোৰম সৌন্দৰ্য।

তদুপৰি বহু শিক্ষাৰ্থী তথা গৱেষকৰ প্ৰথম পচন্দ হৈ পৰিছে ভিন্ন প্ৰজাতিৰ সংৰক্ষণ কৰা বাহঁৰ বাগিছাখন ।

Also Read: ঠিকাভিত্তিক ১৩২৪ গৰাকী কম্পিউটাৰ প্ৰশিক্ষকৰ বাবে শিক্ষামন্ত্ৰীয়ে দিলে ভাল খবৰ

kaziranga