ঠিকাভিত্তিক ১৩২৪ গৰাকী কম্পিউটাৰ প্ৰশিক্ষকৰ বাবে শিক্ষামন্ত্ৰীয়ে দিলে ভাল খবৰ

ranoj pegu
ranoj pegu

ডিজিটেল ডেস্কঃ 'অসমীয়া প্ৰতিদিন ডিজিটেল'ৰ বাতৰিৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ। ৰাজ্যৰ কম্পিউটাৰ প্ৰশিক্ষকৰ ওপৰত সামাজিক মাধ্যমক এক বিশেষ ঘোষণা কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।

শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, অসম চৰকাৰে ইতিমধ্যে বিদ্যালয় শিক্ষা বিভাগৰ অধীনত ১৩২৪ গৰাকী অংশকালীন কম্পিউটাৰ প্ৰশিক্ষকৰ সেৱাকাল ২০২৬ চনলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এনে প্ৰশিক্ষকৰ প্ৰকৃত সংখ্যা ১৩৪০ গৰাকী আছিল যদিও তেওঁলোকৰ একাংশই এই সেৱাৰপৰা অব্যাহতি লোৱাত এতিয়া এই সংখ্যা ১৩২৪লৈ হ্ৰাস পাইছে।

উল্লেখ্য যে, ৰাজ্যৰ প্ৰায় ১৩২৪ গৰাকী কম্পিউটাৰৰ প্ৰশিক্ষকলৈ আহি পৰিছিল বিপদ। চাকৰিৰ চুক্তিৰ ম্যাদ উকলি যোৱাৰ বাবে একাংশ কম্পিউটাৰ প্ৰশিক্ষকে চিন্তিত হৈ পৰিছিল। ১০ ছেপ্টেম্বৰতে উকলিছিল ঠিকাভিত্তিক শিক্ষকৰ চাকৰিৰ চুক্তিৰ ম্যাদ। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলত সৱিস্তাৰে বাতৰি প্ৰকাশ কৰাৰ পাছতে আজি শিক্ষা মন্ত্ৰী গৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে এই ভাল খবৰ দিয়ে।

ranoj pegu
পত্নীক হত্যা কৰি স্বামীয়ে পুতি থ'লে শিলৰ দমত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in