/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/fac55161-36ee-46b0-b3ce-9c43d6f82a9b/AP_FOR_WEB_kaziranga.jpg)
ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ নতুন সদস্য মিছকী ৷ এতিয়াৰ পৰা লিয়ন আৰু ইমিৰ সৈতে মিছকীয়েও সুৰক্ষা দিব কাজিৰঙাক ৷ সফলতাৰ পাঁচটা বছৰ অতিক্ৰম কৰা লিয়ন আৰু ইমিৰ সৈতে এতিয়াৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ দায়িত্বত সহযোগিতা আগবঢ়াব মিছকীয়ে ৷
বিগত পাঁচটা বছৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মীৰ সমানে কৰ্তব্য সমাপন কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত বন বিভাগক বিশেষ সহযোগিতা আগবঢ়াই আহিছে লিয়ন আৰু ইমিয়ে ৷ যাৰ লগত সংযোগ হৈছে মিছকী। এই লিয়ন, ইমি, মিছকী হৈছে ইউ কে আৰু জাৰ্মান প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ প্ৰাপ্ত তিনিটা কে৯ স্কোৱাড ড'গ।
উন্নত মানৰ প্ৰশিক্ষণ প্ৰাপ্ত মিছকী নামৰ কে৯ ড'গ স্কোৱাডে বিগত কেইবা বছৰ ধৰি পবিতৰাৰ বন্যপ্ৰাণীক সুৰক্ষা প্ৰদান কৰাৰ পাছত এতিয়াৰে পৰা কাজিৰঙাৰো সদস্য হ’ল ৷ চোৰাং চিকাৰী প্ৰতিৰোধ কৰাৰ লগতে কাজিৰঙাত বন বিভাগৰ বনকৰ্মীৰ সমানে দিনে নিশাই তহল দিয়ে এই ড'গ স্কোৱাডে ৷ তদুপৰি এই ড'গ স্কোৱাডে চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান চলোৱাৰ উপৰিও আৰক্ষীকো বিভিন্ন ধৰণৰ অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহায় কৰি আহিছে।
এজন বনকৰ্মীৰ দৰেই নিষ্ঠা আৰু সততাৰে বিগত পাঁচটা বছৰে দায়িত্ব পালন কৰি অহা লিয়ন আৰু ইমিৰ নতুন সতীৰ্থ হ’ল মিছকী ৷ উল্লেখযোগ্য যে, বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থকা এশিঙীয়া গঁড় হৈছে পৰ্যটকৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু। সেয়ে বছৰ বছৰ দিন ধৰি ইয়াৰ বন্য জীৱকূলক সুৰক্ষা প্রদান কৰি আহিছে কৰ্তব্যৰত বনকৰ্মীয়ে।
আনহাতে প্ৰকৃতিপ্ৰেমী আৰণ্যক নামৰ স্বেচ্ছাসেৱী এটি সংগঠনে কাজিৰঙাৰ বন্যজীৱক অধিক নিৰাপত্তা প্ৰদানৰ উদ্দেশ্যে লৈ কাজিৰঙাত নিয়োজিত কৰিছিল ৩টা কৈ প্ৰশিক্ষণ প্ৰাপ্ত বেলজিয়াম মেলিনিয়াছ প্ৰজাতিৰ স্নিফাৰ ড'গ। বৰ্তমান কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চলত ইমি, বাগৰি বনাঞ্চলত মিছকী আৰু বোকাখাতৰ মুখ্য কাৰ্যালয়ত লিয়ন কৰ্তব্যৰত হৈ আছে। উল্লেখ্য ৮ বছৰ কৰ্তব্য সম্পাদন কৰাৰ পাছত অৱসৰ দিয়া হয় এই স্নিফাৰ ড'গ সমূহক।
Also Read: মহাবিদ্যালয়-ৰাজ্যিক বিশ্ববিদ্যালয়লৈ জৰুৰী নিৰ্দেশনাঃ সলনি হ'ল পাঠদানৰ সময়সূচী...