এইবাৰ মৰাণ সমষ্টিৰ পৰিৱৰ্তে বৰবৰুৱা সমষ্টিৰ নামাকৰণৰ দাবীত প্ৰতিবাদ...

ভাৰতৰ নিৰ্বাচনী আয়োগৰ দ্বাৰা প্ৰকাশিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত

author-image
Asomiya Pratidin
New Update
এইবাৰ মৰাণ সমষ্টিৰ পৰিৱৰ্তে বৰবৰুৱা সমষ্টিৰ নামাকৰণৰ দাবীত প্ৰতিবাদ...

ডিজিটেল সংবাদ, ডিব্ৰুগড় : ভাৰতৰ নিৰ্বাচনী আয়োগৰ দ্বাৰা প্ৰকাশিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত। ইয়াৰ মাজতে ডিব্ৰুগড়ৰ বৰবৰুৱা সমষ্টি গঠনৰ দাবীত প্ৰতিবাদ বৃহত্তৰ বৰবৰুৱা উন্নয়ন সমিতিৰ। মৰাণ বিধানসভা সমষ্টিক বিলুপ্তি ঘটাই বৰবৰুৱা সমষ্টি গঠন কৰাৰ দাবীত বৰবৰুৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে।

Advertisment

প্ৰতিবাদকাৰীৰ ভাষ্য কেইটামান ৱাৰ্ড থকা মৰাণতকৈ বৰবৰুৱা অঞ্চলত আছে সৰ্বাধিক ভোটাৰ। বিধানসভা সমষ্টিৰ নিৰ্বাচনত সমষ্টিটোৰ প্ৰাৰ্থীৰ জয় পৰাজয়ত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে বৰবৰুৱা অঞ্চলৰ ভোটাৰে। তেনে পৰিপ্ৰেক্ষিতত দীৰ্ঘদিনৰ পৰা ৰাইজে বৰবৰুৱা সমষ্টি গঠনৰ দাবী জনাই অহাৰ পিছতো নিৰ্বাচন আয়োগে গুৰুত্ব নিদিয়াত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি দেওবাৰে ৰাষ্ট্ৰীয় ঘাইপথত উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে।

ইয়াৰ পূৰ্বে বৰবৰুৱা চ্যুকাফা ভৱনত বৃহত্তৰ বৰবৰুৱা উন্নয়ন সমিতিৰ উদ্যোগত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয়। সভাত বৰবৰুৱা বিধানসভা সমষ্টি গঠনৰ দাবীত আগন্তুক সময়ত ল'বলগীয়া কাৰ্যপন্থা সন্দৰ্ভত আলোচনা কৰে।

Also Read: কানিভূৰ নৈত গা-ধুৱলৈ গৈ সন্ধানহীন চিৰাঙৰ দুই কিশোৰ...

moran GOVT OF ASSAM protest