নামৰূপৰ ধিনাইত নিৰ্যাতন বিৰোধী ঐক্য মঞ্চৰ উদ্যোগত ছহিদ সাংবাদিক পৰাগ দাসক স্মৰণ...

১৯৯৬ ৰ ১৭ মে'ত দুৰ্বৃত্তৰ গুলীত ছহিদ হোৱা নিৰ্ভীক সাংবাদিক, মানৱ অধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ আজি মৃত্যু দিৱস। নামৰূপতো আজি ছহিদ সাংবাদিকগৰাকীৰ মৃত্যু দিৱস পালন কৰা হয়। 

author-image
Tushar Pratim
New Update
নামৰূপৰ ধিনাইত নিৰ্যাতন বিৰোধী ঐক্য মঞ্চৰ উদ্যোগত ছহিদ সাংবাদিক পৰাগ দাসক স্মৰণ...

ডিজিটেল সংবাদ নামৰূপঃ নিৰ্ভীক সাংবাদিক, মানৱ অধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ আজি মৃত্যু দিৱস। নামৰূপতো আজি ছহিদ সাংবাদিকগৰাকীৰ মৃত্যু দিৱস পালন কৰা হয়। 

Advertisment

নিৰ্যাতন বিৰোধী ঐক্য মঞ্চই বৃহত্তৰ ঘিনাই অঞ্চলত আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিত আৰম্ভণিতে ছহিদ সাংবাদিক পৰাগ দাসৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পঞ্জলি অৰ্পন কৰা হয়।বন্তি প্ৰজ্বলন কৰে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক লক্ষ্মী নাথ ফুকনে। লগতে সহযোগ কৰে সংগঠক প্ৰণৱ  ধাদুমিয়া, আপকুৰ ডিব্ৰুগড় জিলাৰ সভাপতি স্মৃতি ৰেখা কলিতা আৰু অন্যান্য সংবাদকৰ্মী সকলে।

সভাৰ আৰম্ভণিতে পৰাগ দাসলৈ শ্ৰদ্ধা নিবেদন কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱা হয়।   সমূহীয়া স্মৃতি চাৰণ অনুষ্ঠানৰ পিছতে প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়। সভাত বক্তা লক্ষ্মী নাথ ফুকনে  বক্তব্যত বৰ্তমান পৰিস্থিতিত সংবাদ মাধ্যমৰ দুৰ্বল স্থিতিক সমালোচনা কৰে।

সভাত নির্যাতন বিৰোধী ঐক্য মঞ্চ (অসম)ৰ মুখ্য উপদেষ্টা অৰুণ চেতিয়া, সাধাৰণ সম্পাদক লক্ষীনাথ ফুকন, সংগঠক প্রণব ধাদুমিয়া, লক্ষ্মী ৰাম তাঁতি, সাংস্কৃতিক সম্পাদক দীপংকৰ দিহিঙ্গীয়া, নামৰূপ প্ৰেছ এণ্ড ছচাইটিৰ সম্পাদক সমীৰণ বৰুৱা আদি উপস্থিত থাকে। সভাৰ অন্তত সমূহীয়া ভাবে পৰাগ দাসৰ আধৰুৱা কাম, নতুন প্রজন্মই সম্পূর্ণ কৰিম শীৰ্ষক শ্লগানেৰে সভাৰ সামৰণি মাৰে।

নামৰূপ পৰাগ কুমাৰ দাস