বিশিষ্ট লেখিকা তথা অভিনেত্ৰী বিনু শৰ্মা আৰু নাই...

অনুবাদ সাহিত্যত তেওঁ বিশেষ সফলতা লাভ কৰিছিল। বঙালী সাহিত্যৰ গল্পসমূহ তেওঁ অসমীয়ালৈ অনুবাদ কৰি জনপ্ৰিয়তা অৰ্জন কৰিছিল।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
বিশিষ্ট লেখিকা তথা অভিনেত্ৰী বিনু শৰ্মা আৰু নাই

ডিজিটেল ডেস্কঃ ডিব্ৰুগড়ৰ মিলন নগৰ নিবাসী তথা বিশিষ্ট লেখিকা বিনু শৰ্মা আৰু নাই। সোমবাৰে পুৱা প্ৰায় ৯ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। নিজা গল্প, উপন্যাসৰ উপৰিও অনুবাদ সাহিত্যৰে অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াই যোৱা বিনু শৰ্মাই প্ৰায় ৮০ বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণতে মৃত্যু বৰণ কৰে। 

Advertisment

সাহিত্য চৰ্চাৰ ক্ষেত্ৰত প্ৰথমে ছদ্ম নামেৰে গল্প, প্ৰবন্ধ লিখি প্ৰকাশ  কৰা প্ৰয়াত শৰ্মাই  পৰৱৰ্তী সময়ত নিজা পৰিচয়েৰে সাহিত্য চৰ্চা আৰম্ভ কৰে। অনুবাদ সাহিত্য বিশেষকৈ বাঙালী সাহিত্যিকৰ ৰহস্য গল্প অসমীয়ালৈ অনুবাদ কৰি পঢ়ুৱৈ সমাজৰ পৰা যথেষ্ট সহাৰি লাভ কৰিছিল। 

ৰাজ্যৰ কেইবাখনো আগশাৰীৰ আলোচনীত ধাৰাবাহিকভাৱে তেওঁ গল্প চৰ্চা কৰিছিল। তেওঁৰ অনুদিত গল্প সংকলন 'জাৰজ', গল্প সংকলন 'নিস্বাৰ্থ প্ৰেম', অনূদিত উপন্যাস 'ডিফেন্স কলনী', ভৌতিক কাহিনী 'ভূত' আৰু পূজা পদ্ধতি সম্পৰ্কীয় গ্ৰন্থ 'পূজা পুথি'। শৈশৱৰে পৰা নাটকৰ সৈতেও জড়িত বিনু শৰ্মাই বিভিন্ন ঠাইত নাটকত অভিনয় কৰাৰ লগতে একাংকিকা নাট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বঁটাও লাভ কৰিছিল।

শৈশৱৰ পৰাই এইদৰে নাট্য চৰ্চাৰ সৈতে জড়িত হৈ থকা বিনু শৰ্মাই পৰৱৰ্তী সময়ত ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰ আৰু দূৰদৰ্শনৰ কেন্দ্ৰৰ জৰিয়তে বহু কেইখন নাটকত অভিনয় কৰিছিল। ডিব্ৰুগড়ৰ একাধিক সামাজিক, সাংস্কৃতিক আৰু সাহিত্য অনুষ্ঠানৰ সৈতেও জড়িত বিনু শৰ্মা আছিল এগৰাকী সফল ব্যৱসায়ীও। 

প্ৰয়াত বিনু শৰ্মা আছিল মধুমিতা সংঘৰ উপদেষ্টা, ডিব্ৰুগড় মানৱ কল্যাণ সেৱা সন্থাৰ উপ-সভানেত্ৰী, ডিব্ৰুগড় সাহিত্য সভাৰ আজীৱন সদস্য, ডিব্ৰুগড় সাহিত্য কাননৰ সদস্য আৰু জিলা মহিলা  সমিতিৰ সদস্যা। মৃত্যুৰ সময়ত তেওঁ ইহ সংসাৰত এৰি থৈ যায় স্বামী, পুত্ৰ, জী- জোৱাঁইৰ লগতে অসংখ্য গুণমুগ্ধক। 

সাহিত্য