/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/ab5b2de9-8b7e-41b6-98fd-2b4df4555c30/Chirang_Han.jpg)
ডিজিটেল সংবাদ, চিৰাং : চিৰাঙৰ বাসুগাঁও চহৰৰ সমীপৰ কানিভূৰ নৈত গা-ধুৱলৈ গৈ সন্ধানহীন হৈছে দুই কিশোৰ। সমনীয়াৰ সৈতে কানিভূৰ নৈৰ ৰে'ল দলঙৰ তলত গভীৰ পানীত গা-ধুৱলৈ নমাৰ পিছতেই সন্ধানহীন হোৱা কিশোৰ দুজন ক্ৰমে বাপন বৰ্মন (১৪) আৰু গোপাল চক্ৰবৰ্তী (১৫)।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/7532ff7c-6fbd-41aa-b460-fb502ad8f3f1/SDRF.jpg)
অষ্টম আৰু নৱম শ্ৰেণীত অধ্যয়নৰত নিৰুদ্দেশ কিশোৰ দুজন ক্ৰমে বাসুগাঁও চহৰৰ নিচিনাপাৰাৰ বাসিন্দা প্ৰবীৰ চক্ৰবৰ্তীৰ জ্যেষ্ঠ পুত্ৰ গোপাল চক্ৰবৰ্তী আৰু নাৰায়ণ বৰ্মনৰ একমাত্ৰ পুত্ৰ বাপন বৰ্মন। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ এলেকাত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। সন্ধানহীন হোৱা স্থানত কাজলগাঁৱৰ এছ ডি আৰ এফৰ উদ্ধাৰকাৰী দল উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে যদিও বাতৰি যুগুত কৰাৰ সময়ৰলৈকে কিশোৰ দুজনৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/7071ecb6-5ebe-4bdc-a6e7-8f3db206f91d/d00963ed_474a_4d93_8192_9678f4a80c22.jpg)
Also Read: বিজ্ঞান শিক্ষা প্ৰদানেৰে কণ কণ ছাত্ৰ-ছাত্ৰীৰ মন জিনিলে জয়া গগৈ মহাবিদ্যালয়ে...