/asomiyapratidin/media/media_files/2025/04/12/ZThkmepRZaC6ZWtoz6fm.png)
ডিজিটেল সংবাদ,টেঙাখাত: আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ বাবে দেওবাৰে অন্তিমটো দিন। গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্যৰ বাবে টেঙাখাত উন্নয়ন খণ্ডৰ কাৰ্যালয়ত প্ৰতিদিনে ব্যাপক উৎসাহ উদ্দীপনাৰে প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰা পৰিলক্ষিত হৈছে।
আজি পুৱাৰ পৰা সন্ধিয়ালৈ প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ সমূহ পুনৰীক্ষণ কৰা হয় । উক্ত পুনৰীক্ষণৰ জৰিয়তে দুলীয়াজান বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৬ খন গাঁও পঞ্চায়তৰ ১৬০ টা ৱাৰ্ডৰ ভিতৰত বিজেপিৰ ৩২ গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱাটো নিশ্চিত হয়।
লগতে সমষ্টিটোৰ অন্তৰ্গত ১৬ গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্যৰ ভিতৰত লেংৰাই আৰু নাওহলীয়া আঞ্চলিক পঞ্চায়তৰ দুগৰাকী সদস্য বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয়। অন্যহাতে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত ৩২ গৰাকী ৱাৰ্ড সদস্যৰ ভিতৰত ৭ গৰাকী বৰ্তমানৰ বিধায়ক তেৰচ গোৱালাৰ বাসস্থান অৰ্থাৎ নাওহলীয়া গাঁও পঞ্চায়তৰ।
উক্ত পঞ্চায়তটো বিজেপিয়ে দখল কৰাটো নিশ্চিত হয়। উক্ত খবৰৰ পিছতে আজি সন্ধিয়া স্থানীয় বিধায়ক তেৰচ গোৱালাৰ নেতৃতত বিজেপিৰ একাংশ নেতা-কৰ্মী টেঙাখাত উন্নয়ন খণ্ডৰ সমীপত উপস্থিত হৈ বিজয়ী প্ৰাৰ্থীক ফুলাম গামোচাৰে আদৰণি জনোৱাৰ লগতে ফটকা আটচবাজী ফুটাই ঝুমুৰ নৃত্য কৰি আনন্দোল্লাস কৰা পৰিলক্ষিত হয়।