/asomiyapratidin/media/media_files/2025/03/29/D9f6q4K8PuNzbl4rzKUz.jpg)
ডিজিটেল সংবাদ ডিব্রুগড়ঃ কেন্দ্রীয় মন্ত্রী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে আজি ডিব্রুগড়স্থিত কেন্দ্রীয় বিদ্যালয়ৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰে। এই নতুন ভৱন ৩৮ কোটি টকাৰ ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হ'ব।
কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ অনুৰোধত নতুন ভৱন নিৰ্মাণৰ বাবে প্রয়োজনীয় পুঁজি উপলব্ধ কৰাটো সুনিশ্চিত কৰাৰ বাবে কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানক ধন্যবাদ জ্ঞাপন কৰে সর্বানন্দ সোণোৱালে। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়, "নতুন ভৱনটোৱে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ সামগ্রিক শিক্ষাৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় বিদ্যালয়ৰ ভূমিকাক অধিক শক্তিশালী কৰিব।"
অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালে উল্লেখ কৰে, "কেন্দ্ৰীয় বিদ্যালয়ে গুণগত শিক্ষাৰ প্ৰসাৰেৰে মানৱ সম্পদ গঢ়াত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে। বিদ্যায়তনিক উৎকর্ষ সাধনৰ প্রাণকেন্দ্ৰ ডিব্ৰুগড়ৰ কেন্দ্ৰীয় বিদ্যালয়ৰ ভূমিকাও এইক্ষেত্রত অনস্বীকার্য।
এই যুগ প্রতিযোগিতাৰ যুগ, তথ্য-প্ৰযুক্তিৰ যুগ, কৃত্রিম বুদ্ধিমত্তাৰ যুগ। সেয়ে দ্রুতগতিত আগুৱাই যোৱা এই যুগত নিজৰ প্ৰতিভা বিকাশেৰে আৰু নিজৰ মাজত সৃজনশীলতা, উদ্ভাৱনী কৌশল, বিভিন্ন দক্ষতা বিকাশ কৰি ছাত্ৰ-ছাত্ৰীসকলে আগুৱাই যাব লাগিব। শিক্ষানুষ্ঠানে এই দিশত মাৰ্গদর্শন কৰিব।
ছাত্ৰ জীৱন মধুৰ জীৱন। এয়াই জীৱন গঢ়াৰ সময়। এই সময়ৰ সঠিক মূল্যায়ন কৰি কষ্ট কৰিলে ভৱিষ্যতৰ দিনবোৰ মধুৰ হৈ পৰে। সেয়েহে চেনেহৰ ছাত্ৰ-ছাত্ৰীসকলক একাগ্রতা, কঠোৰ পৰিশ্ৰম, নিয়মানুৱৰ্তিতা আৰু অধ্যৱসায়েৰে আগুৱাই যাবলৈ আহ্বান জনালোঁ। তোমালোকেই ভৱিষ্যতৰ অসমক আৰু ডিব্ৰুগড়ক উজলাই তুলিব লাগিব আৰু গুৰি-বঠা ধৰিব লাগিব।
ছাত্ৰ-ছাত্ৰীসকলৰ জীৱন গঢ় দিয়াত সচেতন অভিভাৱকসকল, শিক্ষাদান কৰা সন্মানীয় শিক্ষাগুৰুসকলৰ ঐকান্তিক প্রচেষ্টা সৰ্বদা প্রশংসাৰ যোগ্য। ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতৰ কথা চিন্তা কৰি মাননীয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন আমাৰ কল্যাণকামী চৰকাৰে বিভিন্ন গুৰুত্বপূৰ্ণ আঁচনি হাতত লৈছে। শিক্ষা ক্ষেত্রত আমূল পৰিৱৰ্তন আনি এক বৃহৎ জাগৰণ সৃষ্টি কৰিবলৈ বিনম্র প্ৰয়াস কৰিছে।
নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি দেশৰ ভিতৰতে পোনপ্ৰথমে আমাৰ ৰাজ্যখনত প্ৰৱৰ্তন হৈছে। ছাত্ৰ-ছাত্ৰীৰ দক্ষতা বিকাশ, কাৰিকৰী শিক্ষাৰ বহল প্ৰসাৰৰ জৰিয়তে কাৰিকৰী দক্ষতা বৃদ্ধি কৰা, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, বাণিজ্য শিক্ষাৰ জৰিয়তে নৱপ্ৰজন্মক আধুনিক পৃথিৱীত একোজন দক্ষ নাগৰিক হিচাপে গঢ়ি তোলা আদিৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰি দ্বৈত ইঞ্জিন চৰকাৰে এইক্ষেত্রত ফলপ্রসূ ব্যৱস্থা হাতত লৈছে।
মোৰ বিশ্বাস- ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত গুণগত শিক্ষাৰ প্ৰসাৰৰ জৰিয়তে ছাত্র-ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ লগতে জ্ঞান অন্বেষণৰ নতুন দিগন্তৰ সূচনা হ'ব। মই ভাবোঁ এইক্ষেত্রত শিক্ষক সমাজৰো ভূমিকা হ'ব সুদূৰপ্ৰসাৰী। দৃঢ় মনোবল, কঠোৰ পৰিশ্ৰমৰ জৰিয়তে নিজকে সুনাগৰিক হিচাপে প্রতিষ্ঠিত কৰি যুৱ নেতৃত্বাধীন উন্নয়নত সবল ভূমিকা ল'বলৈ ছাত্র সমাজক আহ্বান জনালোঁ। মোৰ দৃঢ় বিশ্বাস-শিক্ষানুষ্ঠানখনে অনাগত দিনবোৰতো জ্ঞান অন্বেষণৰ মহৎ যাত্রাত অগ্রণী ভূমিকা পালন কৰি যাব।"
কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি কয়, "দেশৰ ভৱিষ্যৎস্বৰূপ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ভাৰতীয় মূল্যবোধৰ চেতনা জগাই তুলি গুণগত শিক্ষাৰ মাধ্যমেৰে মানৱ সম্পদ গঢ়াত অগ্রণী ভূমিকা পালন কৰিব লাগিব। নিজৰ শিপা পাহৰি গ'লে, নিজৰ সভ্যতা-সংস্কৃতি পাহৰি গ'লে আমি শৈক্ষিক ক্ষেত্রত যিমানেই সফল নহওঁ লাগিলে, কিন্তু জীৱনৰ প্ৰকৃত যুদ্ধত থমকি ৰ'ব লাগিব।
শিক্ষা, ক্রীড়া, সংস্কৃতি এই তিনি গুৰুত্বপূর্ণ দিশক অগ্ৰাধিকাৰ দি শিক্ষাক সমাজে আৰু যুৱশক্তিয়ে এখন সুস্থ-সবল সমাজ গঢ়াত আগভাগ ল'ব লাগিব। যুৱশক্তি আমাৰ দেশৰ মহাশক্তি। জ্ঞান অন্বেষণৰ সমান্তৰালকৈ সৃষ্টিশীলতা, উদ্ভাৱনত গুৰুত্ব দি নিজৰ সুপ্ত প্রতিভা বিকাশেৰে দেশৰ প্ৰগতিৰ অনিৰুদ্ধ যাত্রাক শক্তিশালী ৰূপত আগুৱাই নিবলৈ যুৱবন্ধুসকলক আহ্বান জনালোঁ।
যোগ - শৰীৰ, মন আৰু আত্মাৰ মিলনসেতু, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত বিশ্বজুৰি সমাদৃত হৈছে যোগ। এই অভিনৱ প্রাচীন কলাবিধে এখন সুস্থ-সবল সমাজ গঢ়াত বিশেষ ভূমিকা পালন কৰি আহিছে। যোগ বিশ্ববাসীৰ বাবে হৈ পৰিছে এক গুৰুত্বপূৰ্ণ ঔষধ।
যুৱপ্ৰজন্ম শক্তিশালী হ'বলৈ হ'লে শাৰীৰিক-মানসিকভাৱেও শক্তিশালী হ'ব লাগিব। এইক্ষেত্রত দৈনিক যোগ অভ্যাসে দিব পাৰে এক নতুন দিগন্তৰ সন্ধান। দৈনিক যোগাসনৰ জৰিয়তে সুস্বাস্থ্যৰ অধিকাৰী হোৱাৰ প্ৰয়াস কৰিবলৈ ছাত্ৰ-ছাত্ৰী প্ৰমুখ্যে নৱপ্ৰজন্মক আহ্বান জনালোঁ।
শিক্ষার্থীসকলক প্ৰকৃতিৰ পৰা শিকিবলৈও আমি অনুপ্রাণিত কৰিব লাগিব, প্রকৃতিয়ে কৌতূহল আৰু সৃষ্টিশীলতা বৃদ্ধি কৰে। তদুপৰি প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ ভূমিকা পালন কৰি পৰিৱেশৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবেও আমি সকলোৱে বদ্ধপৰিকৰ হ'ব লাগিব।"
অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ সৈতে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী তথা ডিব্ৰুগড়ৰ বিধায়ক প্রশান্ত ফুকন, অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱা, অসম পেট্র'কেমিকেলছু লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা, ডিব্রুগড় পৌৰ নিগমৰ মেয়ৰ চৈকত পাত্র, অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ, জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰ, জিলা আয়ুক্ত বিক্রম কৈৰী, ডিব্ৰুগড়ৰ কেন্দ্ৰীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক জ্যোতির্ময় যোশী প্রমুখ্যে গণ্য-মান্য ব্যক্তিসকল।