ধেমাজিত বৰ্তমানেও বানৰ কবলত ৪হাজাৰৰো অধিক লোক...

জিলাখনত বানৰ কবলত ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ৪,১৯৫ জন লোক।

author-image
Asomiya Pratidin
New Update
ধেমাজিত বৰ্তমানেও বানৰ কবলত ৪হাজাৰৰো অধিক লোক...

ডিজিটেল ডেস্কঃ অপৰিৱৰ্তিত অৱস্থাত ধেমাজিৰ বান পৰিস্থিতি। বাৰিষাৰ দ্বিতীয়টো বানৰ কবলত ধেমাজি জিলাৰ কেইবাটাও অঞ্চল। জিলাখনত বৰ্তমান বানৰ কবলত প্ৰায় ৪,১৯৫ জন লোক।

Advertisment

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (এএছডিএমএ)ৰ মতে, জিলাখনৰ তিনিটা ৰাজহ চক্ৰৰ অধীনৰ ১০ খন গাওঁ বৰ্তমান প্লাবিতাৱস্থাত। আনহাতে ১৫২.৮২ হেক্টৰ কৃষিভূমিও জলমগ্ন হৈছে উক্ত অঞ্চলত। তথ্য অনুসৰি ১,১৫৫ টা জন্তু এই দুৰ্যোগত প্ৰভাৱিত হৈছে।

উল্লেখ্য ক্ষতিগ্ৰস্ত লোকসকলৰ ভিতৰত চৰকাৰী শিবিৰত ৪৮ জন লোকে আশ্ৰয় লোৱাৰ কথা ব্যক্ত কৰিছে এএছডিএমএ-য়ে। ইপিনে ধেমাজি ৰে'ল ষ্টেচনকে আদি কৰি ঘাই পথ, দলং আদিও বানৰ কবলত পৰি খহনীয়াৰ সৃষ্টি হ'বলৈ আৰম্ভ কৰিছে।

Also Read: লাংছ’লিয়েট ৰে’ল ষ্টেচনত ৰে’লে কাটি নিহত কৰিলে বিষয়াক

assam flood GOVT OF ASSAM