অসম

চিৰাঙৰ কাজলগাঁৱত সাংস্কৃতিক শোভাযাত্ৰা...

Asomiya Pratidin

ডিজিটেল সংবাদ, চিৰাং : মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি বুধবাৰে চিৰাং জিলা সদৰ কাজলগাঁৱৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালত চৌহদৰ পৰা এক সজাগতামূলক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷

চিৰাং জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আয়োজিত সজাগতা সাংস্কৃতিক শোভাযাত্ৰা জিলা ন্যায়িক আদালতত মুকলি কৰে জিলা মুখ্য ন্যায়িক দণ্ডাধীশ উৎপল প্ৰসাদে ৷ এই শোভাযাত্ৰাত অতিৰিক্ত জিলা ন্যায়িক দণ্ডাধীশ কল্যাণজিৎ শইকীয়া, জিলা আইন সেৱা প্ৰদানকাৰী চাহিদা আফজাল জিন্নত সহ কাজলগাঁও আৰু বিজনী ন্যায়িক আদালতৰ বিষয়া কৰ্মচাৰী আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷

শোভাযাত্ৰাৰ অন্ত পৰে কাজলগাঁও হাইস্কুল চৌহদত। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তী উপলক্ষে এই সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হয়।