/asomiyapratidin/media/media_files/2025/05/24/NawmWQiKjIyym9xc5bRZ.jpg)
বনকৰ্মী গুণ ৰাজখোৱাৰ প্ৰশংসনীয় পদক্ষেপ
ডিজিটেল সংবাদ, ছয়দুৱাৰ : গহপুৰ খণ্ড বন বিষয়া কাৰ্যালয়ৰ এগৰাকী নিষ্ঠাৱান বনকৰ্মী। সুদীর্ঘ ১৭ বছৰ ধৰি বন বিভাগৰ প্ৰতি সেৱা অব্যাহত ৰখা গুণ ৰাজখোৱা নামৰ চতুর্থ বৰ্গৰ এইগৰাকী নিষ্ঠাৱান কৰ্মচাৰীয়ে হাতত লৈছে এক জনহিতকৰ আঁচনি।
গহপুৰ সমজিলাৰ বিভিন্ন প্ৰান্তত সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাত তেওঁ ৰোপণ কৰিব এক লাখ গছপুলি। বৰ্তমান ৫০ বছৰ বয়সত ভৰি দিয়া গুণ ৰাজখোৱাৰ চাকৰি জীৱন আছে আৰু ১০ বছৰ। সেয়েহে এই ১০ বছৰৰ ভিতৰত এক লাখ গছপুলি ৰোপণ কৰিবলৈ এক মহৎ পদক্ষেপ হাতত লৈছে গুণ ৰাজখোৱাই।
ইয়াৰ বাবে তেওঁ প্ৰতিমাহে খৰছ কৰিব কৰিব দৰমহাৰ ৩০ শতাংশ ধন। যি সময়ত একাংশ চৰকাৰী বিষয়া কৰ্মচাৰীয়ে এতিয়াও অতিসন্তৰ্পণে ঘোচখোৰ প্ৰৱণতা অব্যাহত ৰাখিছে, সেই সময়তে বন বিভাগৰ এগৰাকী চতুর্থ বৰ্গৰ কৰ্মচাৰীৰ এনে মহান পদক্ষেপ সঁচাকৈয়ে প্ৰশংসনীয় বুলি বিবেচিত হৈছে।
প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষাত সহায়ক হোৱাকৈ এক লাখ গছপুলি ৰোপনৰ সংকল্প লোৱা গহপুৰৰ বন কৰ্মী গুণ ৰাজখোৱাই গছ থাকিলে মানুহ থাকিব অপ্তবাক্যশাৰীক সৰোগত কৰি এক লাখ গছপুলি ৰোপনৰ কাৰ্যসূচীৰ শুক্ৰবাৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। বনকৰ্মী গুণ ৰাজখোৱাই গ্ৰহণ কৰা উক্ত ইতিবাচক পদক্ষেপৰ কাৰ্য্যসূচী গহপুৰ সমজিলা কাৰ্যালয়ৰ চৌহদত গছপুলি ৰোপনেৰে শুভাৰম্ভ কৰে গহপুৰ সমজিলাৰ আয়ুক্ত লুকুমণি বৰাই।
এইক্ষেত্ৰত লুকুমণি বৰাই গুণ ৰাজখোৱাৰ এই মহান পদক্ষেপক শলাগ লৈ কয় যে, নিজৰ দৰমহাৰ ধনেৰে প্ৰকৃতি সুৰক্ষাৰ হকে নিষ্ঠাৰে আগবাঢ়ি অহা গুণ ৰাজখোৱাৰ এই পদক্ষেপৰ প্ৰতি সকলোৱে সন্মান জনোৱা উচিত। ওপজা গাঁৱৰ যুৱক সংঘৰ সহযোগিতাত গুণ ৰাজখোৱাই আৰম্ভ কৰা এক লাখ গছপুলি ৰোপনৰ শুভাৰম্ভণী অনুষ্ঠানত মৰ্ণিং ষ্টাৰ চিনিয়ৰ চেকেণ্ডৰী স্কুলৰ অধ্যক্ষ দীনেশ কুমাৰ কে চি,গহপুৰ খণ্ড বন বিষয়া বাবুল মিলি,যুৱ সমাজকৰ্মী গোপাল শইকীয়া, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যুটীয়া সম্পাদক কমলজিৎ দত্ত, যুৱ ক্ৰীড়াবিদ, ক্ৰীড়া সংগঠক নিদুল পাটগিৰি, গহপুৰ খণ্ড বন কাৰ্যালয়ৰ বন বিষয়া আৰু বন কৰ্মীৰ লগতে গুণ ৰাজখোৱাৰ পৰিয়ালবৰ্গ আৰু বহু সংখ্যক প্ৰকৃতিপ্ৰেমী লোক উপস্থিত থাকে।