কাঁৰ ৰেড কাৰ্পেটত ভাৰতীয় সাজপাৰেৰে উজলিল অসম কন্যা সংযুক্তাৰ বস্ত্ৰ সম্ভাৰ

বিশ্বৰ সৰ্ববৃহৎ তথা সন্মানীয় চলচিত্ৰ মহোৎসৱ 'কাঁ মহোৎসৱ'ত ভাৰতীয় ফেশ্বন জগতক উজলাই পুনৰ এবাৰ জিলিকি উঠিল দেশৰে এগৰাকী আগশাৰীৰ ফেশ্বন ডিজাইনাৰ অসম কন্যা সংযুক্তা দত্ত

author-image
Asomiya Pratidin
New Update
অসম কন্যা সংযুক্তাৰ বস্ত্ৰ সম্ভাৰ

অসম কন্যা সংযুক্তাৰ বস্ত্ৰ সম্ভাৰ

ডিজিটেল ডেস্ক : বিশ্বৰ সৰ্ববৃহৎ তথা সন্মানীয় চলচিত্ৰ মহোৎসৱ 'কাঁ মহোৎসৱ'ত ভাৰতীয় ফেশ্বন জগতক উজলাই পুনৰ এবাৰ জিলিকি উঠিল দেশৰে এগৰাকী আগশাৰীৰ ফেশ্বন ডিজাইনাৰ অসম কন্যা সংযুক্তা দত্ত ৷ তিনিগৰাকী সুন্দৰী প্ৰসিদ্ধ মডেলে সংযুক্তাই ডিজাইন কৰা পোচাক পিন্ধি লয়লাস ভংগীৰে কাঁৰ ৰেড কাৰ্পেটত খোজ দি মুগ্ধ কৰে সকলোকে।  

Advertisment

উল্লেখযোগ্য যে, সমগ্ৰ বিশ্বৰে এবছৰৰ বিশেষ কেইটামান দিনত দৃষ্টি নিবদ্ধ হৈ থাকে ফ্ৰান্সত অনুষ্ঠিত কাঁ মহোৎসৱৰ ৰেড কাৰ্পেটত ৷ কিয়নো এই ৰেড কাৰ্পেটতেই বিস্ময়কৰ ফেশ্বন সম্ভাৰেৰে খোজ থয় নানা তাৰকা-মহাতাৰকা তথা আগশাৰীৰ মডেলসকলে । 

১৩ মে’ত আৰম্ভ হৈ ২৪মে’ত সামৰণি পৰিবলগীয়া এইবাৰৰ কাঁ মহোৎসৱৰ ৰঙা দলিচাত সংযুক্তা দত্তৰ বস্ত্ৰৰ নতুন ফেশ্বনে দৃষ্টি হৰিলে অজস্ৰজনৰ লগতে ফেশ্বনপ্ৰেমী সকলৰ। তাৰকা-মহাতাৰকা অভিনেতা-অভিনেত্ৰী আৰু মেগা মডেলৰ সমাৱেশেৰে উদুলি-মুদুলি হৈ পৰিছে ফ্ৰান্সৰ এই ঐতিহ্যমণ্ডিত ৰঙা দলিচা ৷  

এক আড়ম্বৰপূৰ্ণ বয়নশৈলীৰে বস্ত্ৰ সম্ভাৰত সপোন ৰচা  সংযুক্তা দত্তই  পুনৰ এবাৰ অসমৰ হস্ততাঁতশালৰ গৌৰৱক বিশ্বৰ আটাইতকৈ গ্লেমাৰাছ মঞ্চখনত উজলাই তুলিলে । সংযুক্তা দত্তৰ হাতেৰে বোঁৱা  সৰ্বোৎকৃষ্ট সাজ-পাৰে যেতিয়া বিশ্বৰ পৰিচিত তিনিগৰাকী  সুন্দৰীৰ দেহত শোভা পাইছিল, তেতিয়া তাৰ ভাঁজে ভাঁজে চমকি উঠিছিল ভাৰতৰ চহকী বস্ত্ৰ ঐতিহ্য ।

উল্লেখযোগ্য যে, একেৰাহে পঞ্চম বছৰৰ বাবে কাঁ মহোৎসৱত ভাৰতীয় ফেশ্বনক প্ৰতিনিধিত্ব কৰি দেশৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে সংযুক্তা দত্তই ৷ গুৱাহাটীৰ জীয়াৰী সংযুক্তা দত্তই বিশ্বৰ প্ৰায়বোৰ আগশাৰীৰ ফেশ্বন উইক নাইবা প্ৰদৰ্শনীত ভাগ লৈ অসমৰ পৰম্পৰাগত তাঁতশালত বোৱা পাট-মুগাক অসমীয়া শিল্পকলাৰ কাৰুকাৰ্য্যৰে জগত সভাত প্ৰতিষ্ঠা কৰাৰ নিৰৱচ্ছিন্ন প্ৰয়াস চলাই আহিছে । তাৰোপৰি অসমীয়া বস্ত্ৰ শিল্পৰ শিপা খামুচি ধৰি থাকিও আধুনিক বস্ত্ৰ ফেশ্বনৰ সৈতে ফেৰ মাৰি আহিছে সংযুক্তা দত্তই।

বস্ত্ৰ শিল্প