চৰ্চিত! কিয় ন্যায়ী যুঁজত আৰিফ...

আপুনি হয়তো সামাজিক মাধ্যমত আৰিফ আৰু এটা চৰাইৰ কাহিনী দেখিছে বা শুনিছে।

author-image
Asomiya Pratidin
New Update
চৰ্চিত! কিয় ন্যায়ী যুঁজত আৰিফ...

ডিজিটেল ডেস্ক: আপুনি হয়তো সামাজিক মাধ্যমত আৰিফ আৰু এটা চৰাইৰ কাহিনী দেখিছে বা শুনিছে। উত্তৰ প্ৰদেশৰ এজন যুৱকে ক্ৰেইন অৰ্থাত বগলীৰ এটা প্ৰজাতিৰ চৰাইক আঘাটপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰিছিল । আঘাতপ্ৰাপ্ত চৰাইটোক উদ্ধাৰ কৰি আৰিফে সুস্থ কৰি তুলিছিল।

Advertisment

আৰু ইয়াৰ পিছতে উক্ত চাৰাছ ক্ৰেইন চৰাইটোয়ে লগ নেৰা হৈছিল আৰিফৰ। আৰিফ যেনিয়েই গৈছিল সেই বাটেৰেই উৰি উৰি লগ দিছিল চৰাইটোয়ে। আৰিফে যোগান ধৰা আহাৰ খাই, সি ঠিক কৰি দিয়া বাসগৃহতে শুই পৰে চৰাইটো। পুৱা উঠি পুনৰ আৰফিৰ সংগ দিয়ে অজান চৰাইটোয়ে। যেন চৰাইটোয়ে বুজি উঠিছিল আৰিফৰ মমতা। তাক কৰা উপকাৰৰ বাবে যেন ঋণি হৈ আৰিফৰ সংগ দি গৈছিল চৰাইটোয়ে। এইদৰে দুয়োৰে মাজত গঢ়ি উঠিছিল বন্ধুত্বৰ সম্পৰ্ক।

পিছে এই বন্ধুত্বত যেন নজৰ লাগিল। আৰিফে চৰাইটোৰ সৈতে কটোৱা এক ভাল সময় শ্বেয়াৰ কৰিছিল সামাজিক মাধ্যমত। য’ত চৰাইটোৱে আৰিফে চলাই যোৱা বাইকৰ পাছে পাছে উৰি উৰি সংগ দিছিল আৰিফক। ভিডিঅ’টো শ্বেয়াৰ কৰাটোয়ে যেন কাল হ’ল আৰিফৰ। কিয়নো সমগ্ৰ দেশত ভাইৰেল হৈ চৰ্চিত হোৱা ভিডিঅ’টো চকুত পৰিছিল ৰাজ্যখনৰ বন বিভাগৰ। আৰু ইয়াৰ পাছতে বন বিভাগে আৰিফৰ ঘৰৰ পৰা উদ্ধাৰ কৰিছিল চৰাইটোক। সমান্তৰাল ভাৱে বন্যপ্ৰাণী ঘৰত বন্দী কৰি ৰখাৰ অপৰাধত আৰিফৰ ওপৰত জাপি দিলে আইনী গোচৰ।

চৰাইটোক উদ্ধাৰ কৰি বন বিভাগে স্থানীয় এখন বন্যপ্ৰাণী সংৰক্ষিত বনাঞ্চলত প্ৰথমাৱস্থাত ৰাখি পৰৱৰ্তী পৰ্যায়ত কানপুৰ চিৰিয়াখানা লৈ স্থানাত্বৰ কৰে। এই কাৰ্যই যেন দুয়োৰে বন্ধুত্বক আঘাত সানিলে। বুজন মানুহে যেন বুজি নাপালে আৰিফ আৰু চৰাইটোৰ বন্ধুত্বক। অবুজ চৰাইটোয়ে বন বিভাগক বুজাব নোৱাৰিলে, যে তাক আৰিফে কষ্ট দিয়া নাই বৰঞ্চ আলফুলেহে ৰাখিছিল। এই কাৰ্যৰ পিছত নিজক নিৰ্দোষী সাব্যস্ত কৰিবলৈ আৰিফেও লৈছে আইনী সহায়।

পিছে এই বিষটোয়ে চৰ্চা লাভ কৰাৰ পিছত এতিয়া বহুতে প্ৰশ্ন কৰিছে, এইয়া জানো উচিত আছিল? চৰাইটোক বন বিভাগৰ হাতলৈ নিয়াতো যুক্তিপূৰ্ণ হলেও আৰিফৰ ওপৰত আইন জাপি দিয়াটো যেন যুক্তিপূৰ্ণ হোৱা নাই সচেতন মহলৰ মতে।

ইয়াৰ সমান্তৰাল ভাৱে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহাৰ খুৱাই থকা এটা ময়ুৰ চৰাই ফটো প’ষ্ট কৰি বহুতে প্ৰশ্ন কৰিছে; এইয়াও জানো একেখন আইনতে নপৰে। দেশৰ প্ৰধান মন্ত্ৰীয়ে যদি পক্ষীক আহাৰ খুৱাই নিজ বাসগৃহত ৰাখিব পাৰে তেন্তে সাধাৰণ জনতাৰ বাবে এইয়া অপৰাধ কিয়?

কি পাৰ্থক্য আছিল আৰিফে আহাৰ যোগান ধৰি ভৰণ-পোষন দিয়া চৰাইটো আৰু প্ৰধানমন্ত্ৰীয়ে আহাৰ খুৱাই ঘৰত পুহি ৰখা চৰাইটোৰ মাজত। যদি পাৰ্থক্য আছে তেন্তে এটাই; সেইয়া হ’ল আৰিফে উদ্ধাৰ কৰিছিল চৰাইটোক, আনহাতে দেশৰ প্ৰধান মন্ত্ৰী গৰাকীয়ে আদেশ দি নিজা বাসগৃহলৈ আনিছে সেই পক্ষী...

Also Read: গুজৰাট টাইটানছৰ হাতত পৰাস্ত দিল্লী কেপিটেলছ

Government of India FOREST DEPARTMENT