পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি :  লামডিঙত সংঘটিত হ’ল শোকাৱহ ঘটনা

পৰকীয়া প্ৰেমেই হ’ল কাল ! ৰে’ল নগৰী লামডিঙত সংঘটিত হৈছে এক কৰুণ ঘটনা। পত্নীৰ পৰকীয়া সম্পৰ্কৰ বিৰুদ্ধে লজ্জিত হৈ আত্ম্যহননৰ পথ বাছি ল’লে স্বামীয়ে। 

author-image
Asomiya Pratidin
New Update
প্ৰেম

ডিজিটেল সংবাদ, লামডিং : পৰকীয়া প্ৰেমেই হ’ল কাল ! ৰে’ল নগৰী লামডিঙত সংঘটিত হৈছে এক কৰুণ ঘটনা। পত্নীৰ পৰকীয়া সম্পৰ্কৰ বিৰুদ্ধে লজ্জিত হৈ আত্ম্যহননৰ পথ বাছি ল’লে স্বামীয়ে। 

উল্লেখযোগ্য যে, লামডিং ৰে’লৱে বিদ্যুৎ বিভাগত কৰ্মৰত বিজয় মজুমদাৰ নামৰ লোকজনে নিজ বাসগৃহত চৰমপন্থা গ্ৰহণ কৰে। ইয়াৰ পাছতে পৰিয়ালৰ লোকে হাস্পতাললৈ নিয়ে যদিও তেওঁক মৃত বুলি ঘোষণা কৰা হয়। লোকজনৰ ঘৰ আছিল দক্ষিণ লামডিঙৰ কল্যাণ নগৰত। 

জানিব পৰা মতে ৪৫ বছৰীয়া বিজয় মজুমদাৰ বিদ্যুৎ বিভাগৰ কৰ্মী হিচাপে লামডিং জংচনত কৰ্মৰত হৈ আছিল। স্থানীয় ৰাইজৰ সন্দেহ অনুযায়ী নিজৰ পত্নীৰ পৰকীয়া প্ৰেমৰ বাবেই এনে চৰম সিদ্ধান্ত বাছি লৈছে দুৰ্ভগীয়া লোকজনে ।

উল্লেখ্য যে, যোৱা এসপ্তাহ পূৰ্বে অৰ্থাৎ ১৮ তাৰিখে নিজ পত্নীৰ বিৰুদ্ধে লামডিং থানাত অভিযোগপত্ৰ দাখিল কৰিছিল স্বামী বিজয় মজুমদাৰে । পত্নীৰ পৰকীয়া প্ৰেমৰ বাবেই আৰক্ষীক এই অভিযোগপত্ৰ দাখিল কৰিছিল তেওঁ।

আনহাতে পৰকীয়া প্ৰেমৰ বাবেই পত্নী ৰুমা মজুমদাৰে দীৰ্ঘদিন ধৰি দুৰ্ভগীয়া বিজয় মজুমদাৰৰ ওপৰত শাৰীৰিকভাৱে অত্যাচাৰ চলোৱাৰ লগতে মানসিক তথা আৰ্থিকভাৱেও অকথ্য নিৰ্যাতন চলাইছিল বুলি উল্লেখ কৰি গৈছে আৰক্ষীক প্ৰদান কৰা অভিযোগপত্ৰত। কেৱল এয়াই নহয় আৰক্ষীক প্ৰদান কৰা সেই অভিযোগপত্ৰখনত লিখিতভাৱে এই কথাও প্ৰকাশ কৰিছিল পত্নীৰ কেৱল এজন পুৰুষৰ সৈতেই সম্পৰ্ক নাছিল, কেইবাগৰাকী ব্যক্তিৰ সৈতেও নতুন নতুন সম্পৰ্ক গঢ়ি উঠিছিল ।

তাৰোপৰি অভিযোগপত্ৰত স্পষ্ট কৈ উল্লেখ কৰিছিল যে, একমাত্ৰ সন্তানৰ মুখৰ ফালেই চাই পত্নীৰ বিৰুদ্ধে ইমান দিনে কোনো সিদ্ধান্ত লোৱা নাছিল বিজয়ে। কিন্তু সমাজক লজ্জিত কৰা পত্নীৰ এই কু-কাণ্ডত অশান্তি আৰু অতিষ্ঠ হৈ অৱশেষত ১৮ মে’ত লামডিং আৰক্ষীৰ কাষ চাপিছিল বিজয়ে। 

আৰক্ষীৰ পৰা উচিত ন্যায় বিচৰা বিজয়ৰ আত্ম্যহননৰ ঘটনাই চঞ্চল্যৰ সৃষ্টি কৰিছে। বিজয় মজুমদাৰৰ এই মৃত্যুক মানি ল'ব পৰা নাই অঞ্চলবাসীয়ে । পত্নীৰ বাবে নে আন কোনো কাৰণৱশতঃ এনে চৰম সিদ্ধান্ত ল’লে সেয়া ৰহস্য হৈ পৰিছে ।

আনফালে আৰক্ষীয়ে মৰণোত্ত‍ৰ পৰীক্ষাৰ বাবে বিজয় মজুমদাৰৰ নশ্বৰদেহ নগাঁও লৈ প্ৰেৰণ কৰিছে । এই ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি বৰ্তমান লামডিং আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। তদন্তৰ পিছতহে পোহৰলৈ আহিব ঘটনাৰ সবিশেষ ।

লামডিং আৰক্ষী লামডিং