ছিপাঝাৰৰ গৰুখুটি কৃষি প্ৰকল্পৰ ভূমি বেদখল কৰা সন্দেহযুক্ত বাংলাদেশীক স্থানান্তৰ...

ছিপাঝাৰৰ গৰুখুটি কৃষি প্ৰকল্পৰ  বাকী থকা ভুমি বেদখলকাৰী সন্দেহযুক্ত লোকসকলক  আজিৰে পৰা  পুনৰ দলগাৱলৈ  স্থানান্তৰ  কৰা  হৈছে। উল্লেখ্য যে  গৰুখুটি কৃষি প্ৰকল্প ৰূপায়নৰ বাবে

New Update
dalgoan

ডিজিটেল সংবাদ, ছিপাঝাৰ :  ছিপাঝাৰৰ গৰুখুটি কৃষি প্ৰকল্পৰ  বাকী থকা ভুমি বেদখলকাৰী সন্দেহযুক্ত লোকসকলক  আজিৰে পৰা  পুনৰ দলগাৱলৈ  স্থানান্তৰ  কৰা  হৈছে। উল্লেখ্য যে  গৰুখুটি কৃষি প্ৰকল্প ৰূপায়নৰ বাবে  চৰকাৰ -প্ৰশাসনে  বিগত ২০২১ বৰ্ষৰ ছেপ্টেম্বৰ মাহত উচ্ছেদ অভিযান চলাই ধলপুৰত ১৪১৮ টা  অবৈধ ভুমি বেদখলকাৰী  সন্দেহযুক্ত  বাংলাদেশী পৰিয়ালক উচ্ছেদ কৰিছিল ।  

Advertisment

উচ্ছেদিত ১৪১৮ টা পৰিয়ালৰ লগতে  প্ৰকল্পৰ ভুমি বেদখল কৰি থকা আৰু ৬৩৩  টা বেদখলকাৰী পৰিয়ালসহ মুঠ ২০৫১ টা  পৰিয়ালক  দলগাৱত এবিঘাকৈ চৰকাৰী ভুমি আবন্টন দি  পুনৰ  সংস্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল চৰকাৰ- প্ৰশাসনে।

সেই অনুসৰি  জিলা প্ৰশাসনে উচ্ছেদিত ১৪১৮ টা পৰিয়ালৰ   ১২৮৮ টা আৰু প্ৰকল্পৰ ভুমি বেদখল কৰি থকা  ৬৩৩ টা পৰিয়ালৰ  ৫৩৯ টা পৰিয়ালক বিগত দুটা বৰ্ষত  দলগাৱলৈ স্থানান্তৰ কৰিছিল যদিও  উচ্ছেদিত ১৩০ টা আৰু  প্ৰকল্পৰ ভুমি বেদখল কৰি থকা  ৯৪ টা  সন্দেহযুক্ত পৰিয়ালে বাৰম্বাৰ নিৰ্দেশৰ পিচতো  এৰিব খোজা নাছিল প্ৰকল্পৰ ভুমি ।

কিন্তু জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতি আৰু  ছিপাঝাৰ ৰাজহ চক্ৰ বিষয়া ৰিতিমনি দাসৰ কঠোৰ নিৰ্দেশত  আজি ১৩টা  বেদখলকাৰী পৰিয়ালে  নিজেই ঘৰ-দুৱাৰ ভাঙি  প্ৰশাসনে যোগান ধৰা টেক্টৰত টালি- টোপোলা লৈ দলগাৱলৈ  স্থানান্তৰ হয়। প্ৰশাসনে  বাকী থকা পৰিয়ালসমুহকো   পৰ্যায়ক্ৰমে স্থানান্তৰ কৰাৰ  ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।।

ছিপাঝাৰ