কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বুঢ়াপাহাৰ বনাঞ্চল পৰ্যটকৰ বাবে মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বুঢ়াপাহাৰ বনাঞ্চল পৰ্যটকৰ বাবে মুকলি

author-image
Asomiya Pratidin
New Update
কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বুঢ়াপাহাৰ বনাঞ্চল পৰ্যটকৰ বাবে মুকলি

ডিজিটেল সংবাদ, কলিয়াবৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বুঢ়াপাহাৰ বনাঞ্চলখন বুধবাৰে পৰ্যটকৰ বাবে মুকলি কৰা হয়। ২৩-২৪ বৰ্ষৰ বাবে মুকলি কৰা বুঢ়াপাহাৰ বনাঞ্চলত সৰ্বাধিক বাঘ, হলৌ বান্দৰ, কেপ লেঙ্গুৰ(টুপী মুৰিয়া বান্দৰ) দেখিবলৈ পোৱা যায় বুলি আজি উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

Advertisment

উল্লেখ্য যে, প্ৰাকৃতিক পৰিবেশত গঁড়, হলৌ বান্দৰ বাঘকে ধৰি অন্যান্য বন্যপ্ৰাণীয়ে মুক্ত বিচৰণ কৰাৰ মনোৰম দৃশ্য উপভোগৰ বাবে যোৱা কেইবাবছৰ ধৰি পৰ্যটকৰ ভিৰ বাঢ়িছে বুঢ়াপাহাৰ বনাঞ্চলত । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালিকা সোণালী ঘোষে আজি পুৱা বুঢ়াপাহাৰ বনাঞ্চলত ফিটা কাটি পৰ্যটকৰ বাবে মুকলি কৰে জীপ চাফাৰী সেৱা ।

আজিৰ এই উদ্বোধনী অনুষ্ঠানত ডি এফ অ অৰুন বিগনেছ কলিয়াবৰৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্ত, অৱসৰপ্ৰাপ্ত বনাঞ্চলিক বিষয়া প্ৰদীপ গোস্বামী, চিকিৎসক কমল বৰদলৈ উপস্থিত থাকে। ইফালে বুঢ়াপাহাৰ বনাঞ্চলিক কাৰ্যালয়ৰ সন্মুখত পৰ্যটকৰ সুবিধাৰ বাবে এখন থলুৱা বিপনীও মুকলি কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষই।

Also Read: নতুন দিল্লী-দৰভাঙ্গা চুপাৰফাষ্ট এক্সপ্ৰেছত ভয়ংকৰ অগ্নিকাণ্ড

kaziranga national park