বন্যহস্তীৰ উপদ্ৰপ, ভাঙিলে কেইবাটাও বাসগৃহ

ডিমৰীয়াত বৃদ্ধি পাইছে বন্যহস্তীৰ উপদ্ৰপ। প্ৰতিদিনে বন্যহস্তীয়ে গঞাৰ ঘৰ-দুৱাৰ ভাঙি ত্ৰাস সৃষ্টি কৰি আহিছে। খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বন্যহস্তীয়ে নিতৌ ন ন স্থানত উপদ্ৰপ চলায় ৰাইজৰ নিদ্ৰা হৰণ কৰিছে। 

author-image
Asomiya Pratidin
New Update
বন্যহস্তীৰ উপদ্ৰপ, ভাঙিলে কেইবাটাও বাসগৃহ

বন্যহস্তীৰ উপদ্ৰপ, ভাঙিলে কেইবাটাও বাসগৃহ

ডিজিটেল সংবাদ, ডিমৰীয়াঃ ডিমৰীয়াত বৃদ্ধি পাইছে বন্যহস্তীৰ উপদ্ৰপ। প্ৰতিদিনে বন্যহস্তীয়ে গঞাৰ ঘৰ-দুৱাৰ ভাঙি ত্ৰাস সৃষ্টি কৰি আহিছে। খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বন্যহস্তীয়ে নিতৌ ন ন স্থানত উপদ্ৰপ চলায় ৰাইজৰ নিদ্ৰা হৰণ কৰিছে। 

Advertisment
ৰাইজৰ নিদ্ৰা হৰণ কৰিছে বন্যহস্তীয়ে
ৰাইজৰ নিদ্ৰা হৰণ কৰিছে বন্যহস্তীয়ে

 

দুদিন পূৰ্বে ক্ষেত্ৰীৰ শংকৰগোগ-লাহৰিঘাটত বন্যহস্তীয়ে কেইবাটাও বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰি ৰাইজক ত্ৰাসিত কৰাৰ পিছত শনিবাৰে নিশাও ক্ষেত্ৰীৰ বেঙেনাবাৰী ,বগীবাৰী অঞ্চলত উপদ্ৰপ চলায় ভাঙি পেলায় কেইবাটাও বাসগৃহ। যাৰবাবে অঞ্চলটোৰ পৰা বন্যহস্তীক নিৰাপদ স্থানলৈ খেদি পঠোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বন বিভাগক দাবী জনাইছে অঞ্চলটোৰ ৰাইজে।

বন্যহস্তীৰ তাণ্ডৱ বন্যহস্তী