/asomiyapratidin/media/media_files/2025/05/25/LqIXmbtWdZhaDUh3z0cx.jpg)
ডিজিটেল সংবাদ,মাজুলীঃ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত শনিবাৰে বিশ্ববিদ্যালয়ৰ ব'ৰ্ড অৱ মেনেজমেন্টৰ চতুর্দশ সভা অনুষ্ঠিত হয়। উক্ত অনুষ্ঠাত অসমৰ বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী, বিশিষ্ট অভিনেতা তপন দাস আৰু অসম চৰকাৰৰ পুৰাতত্ত্ব সঞ্চালকালয়ৰ সঞ্চালক ড° দীপিৰেখা কুলিক "প্ৰফেচৰ অৱ প্রেক্টিচ" হিচাপে নিযুক্তি দিবলৈ অনুমোদন জনায়।
ৰাষ্ট্রীয় শিক্ষা নীতি ২০২০ অনুসৰি বিশ্ববিদ্যালয় অনুদান আয়োগে প্রৱৰ্তন কৰা "প্রফেচৰ অৱ প্রেক্টিচ'ৰ নিয়মাৱলী মতে নিযুক্তি প্ৰদান কৰা অসমৰ সমাজ, সংস্কৃতি, সাহিত্য আৰু ঐতিহ্য জগতৰ লগত ওতঃপ্রোতভাবে জড়িত এই তিনিগৰাকী পুৰোধা ব্যক্তিৰ বিদ্যালয়তনিক আৰু সৃজনীশীল সান্নিধ্যই মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়খনৰ শিক্ষা, গৱেষণা আৰু সামাজিক-সাংস্কৃতিক দিশক ত্বৰান্বিত কৰিব।
লগতে এই তিনি পুৰোধা ব্যক্তিৰ সান্নিধ্যই শিক্ষক-শিক্ষার্থী উভয়কে সামগ্রিক সকলো দিশতে অনুপ্ৰেৰণা আৰু দিক-দর্শনেৰে উদ্বুদ্ধ কৰিব বুলি আশা কৰা হৈছে।