
ডিজিটেল ডেস্কঃ ভাৰতীয় ৰেলৰ এটাৰ পাছত আন এটা দুৰ্ঘটনা সংঘটিত হৈছে। এইবাৰ দুৰ্ঘটনাৰ স্থান উত্তৰ প্ৰদশ। বুধবাৰে উত্তৰ প্ৰদেশৰ ইটাৱাত নতুন দিল্লী-দৰভাঙ্গা চুপাৰফাষ্ট এক্সপ্ৰেছৰ এটা ডবাত অগ্নিকাণ্ড সংঘটিত হয়। পৰৱৰ্তী সময়ত এই জুই অন্য ডবালৈও বিয়পি পৰে।
ৰেলখন সৰায়ভুপত ষ্টেচনত ৰৈ থকা অৱস্থাত এই ঘটনা সংঘটিত হয়। ঘটনাৰ বিষয়ে অৱগত হোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমুৱাবলৈ চেষ্টা কৰে।
জানিব পৰা মতে এছ-১ আৰু এছ-২ ডবাত এই জুই লাগে। লগে লগে ইঞ্জিনৰ লগতে অইন ডবাসমূহ ইঞ্জিনৰ পৰা আঁতৰ কৰি দিয়া হয়।
উল্লেখ্য যে, জুই লগাৰ লগে লগে একাংশ .যাত্ৰীয়ে ৰেলখনৰ পৰা জপিয়াই যাবলৈ সক্ষম হয়। এতিয়ালৈকে কোনো হতাহতিৰ খবৰ পোৱা নাই। কি কাৰণে জুইৰ সূত্ৰপাত ঘটিল সেই কাৰণো এতিয়ালৈকে বিভাগীয় কৰ্তৃপক্ষই জনোৱা নাই।