/asomiyapratidin/media/media_files/2025/05/25/ACzOOEofP271BgaZOpKe.jpg)
ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়া, চিন্তিত নৈ পৰীয়া ৰাইজ
ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰ বৰতামুলীৰ পাকেন অঞ্চলত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়া দেখিবলৈ পোৱা গৈছে। যাৰবাবে এতিয়া চিন্তিত হৈ পৰিছে নৈ পৰীয়া ৰাইজ। প্ৰতিবছৰে পাকেন অঞ্চলত গৰাখহনীয়াৰ সমস্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰি আহিছে।
বছৰ বছৰ ধৰি এই গৰাখহনীয়াৰ ফলত কৃষিভূমি সংকুচিত হৈ অহাৰ সমান্তৰালকৈ বিগত বছৰ কেইটাত বহু লোক ঘৰ-বাৰী নিচিহ্ন হৈ স্থানান্তৰ হ'ব লগা হৈছিল। এইবেলিও আগৰ দৰেই অৱস্থা হোৱাৰ আশংকা অঞ্চলটোৰ ৰাইজৰ। সেয়ে ৰাইজে গৰাখহনীয়া হোৱা স্থানত জলসম্পদ বিভাগে পাৰ্কুপাইন অথবা জিঅ' বেগ দি খহনীয়া ৰোধ কৰিবলৈ আহ্বান জনাইছে বিভাগীয় কৰ্তৃপক্ষক।